Covid Vaccine : ১০০ কোটি টিকাকৰণ স্মৰণীয় কৰিবলৈ ১০০ ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নক ত্ৰিৰংগাত ৰঙীন কৰিব পুৰাতত্ত্ব বিভাগে

image0013HIX

১০০ কোটি টিকাকৰণক স্মৰণীয় কৰিবলৈ অভিনৱ পদক্ষেপ ল’লে ভাৰতৰ পুৰাতত্ত্ব সর্বেক্ষণ (এএছআই)য়ে । এই বিশাল কর্মযজ্ঞত উপস্থিত আছিল চিকিৎসক, স্বাস্থ্যকর্মী, বিজ্ঞানী, টিকা প্রস্তুতকাৰী সংস্থা । সকলোকে শ্রদ্ধাজ্ঞাপন কৰিবলৈ দেশৰ ঐতিহ্যমণ্ডিত ১০০টা কীৰ্তিচিহ্ন ত্ৰিৰংগাৰ পোহৰত ৰঙীন কৰিব তেওঁলোকে । চৰকাৰী সূত্রে খবৰ ।

সূত্রটোৱে জনাইছে, পোহৰেৰে ৰঙীন কৰি তোলা হ’ব লালকিল্লা, কুতুব মিনাৰ, হুমায়ুনৰ কীৰ্তিচিহ্ন, তুঘলকাবাদ দুর্গ, পুৰানা কিলা, ফতেহপুৰ ছিক্রি, ৰামাপ্পা মন্দিৰ, হাম্পি, ধোলাভিৰা, লেহ প্রাসাদ, খাজুৰাহো মন্দিৰ, গোলকোণ্ডা দুর্গ । এই তালিকাত আছে কলকাতাৰ কাৰেন্সি বিল্ডিং আৰু মেটকাফ হলো ।

দেশত কৰ’না সংক্রমণৰ পাছৰ পৰা চিকিৎসক, চিকিৎসাকর্মী, আগশাৰীৰ যোদ্ধাসকলে দিনে-নিশাই ক’ভিডৰ বিৰুদ্ধে যুঁজি আছে । এই যুঁজত তেওঁলোকৰ মাজৰ বহুতে প্ৰাণ ত্যাগ কৰিব লগা হৈছে । এই আগশাৰীৰ যোদ্ধা আৰু টিকাকৰণত দেশবাসীৰ সহযোগিতাক অভিবাদন জনাবলৈয়ে এএছআই-ৰ এই অভিনৱ উদ্যোগ ।

বৃহস্পতিবাৰে পুৱাই ১০০ কোটি টিকাৰ মাইলখুটি আৰ্জন কৰিছে দেশে । চীনৰ পাছত বিশ্বৰ দ্বিতীয় দেশ হিচাপে এই মাইলখুটি চোলে ভাৰতে । যি ঐতিহাসিক বুলি ব্যাখ্যা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

Exit mobile version