NCB At Mannat : পুত্ৰৰ স’তে কাৰাগাৰত সাক্ষাৎ কৰাৰ পাছতে শ্বাহৰুখৰ বাংলো ‘মান্নাত’ত এনচিবিৰ চোৰাংচোৰা

1634800984 srk

মুম্বাইৰ শ্বাহৰুখ খানৰ বাংলো ‘মান্নাত’ত অভিযান চলাইছে কেন্দ্ৰীয় মাদক নিয়ন্ত্ৰণ সংস্থাৰ দলে। ঘটনাক্ৰমে শ্বাহৰুখে বৃহস্পতিবাৰে ৰাতিপুৱা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত তেওঁৰ পুত্ৰ আৰিয়ানক সাক্ষাৎ কৰে।

তেওঁৰ স’তে আছিল অধিবক্তাৰ এটা দল । প্ৰায় ১৫ মিনিটৰ বাবে কাৰাগাৰত পুত্ৰৰ স’তে আছিল শ্বাহৰুখ। পুত্ৰক সাক্ষাৎ কৰিয়ে ওলাই আহে শ্বাহৰুখ খান।

আৰ্থাৰ ৰোড কাৰাগাৰত শ্বাহৰুখৰ পুত্ৰক লগ কৰিবলৈ যোৱাৰ দিনা তেওঁৰ বাংলো ‘মান্নাত’ত এনচিবিৰ চোৰাংচোৰা দল উপস্থিত হোৱাত প্ৰশ্ন উত্থাপন হৈছে ।

শ্বাহৰুখে বৃহস্পতিবাৰে ৰাতিপুৱা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত তেওঁৰ পুত্ৰক সাক্ষাৎ কৰে। শ্বাহৰুখ কাৰাগাৰৰ মূল গেটৰ সন্মুখত গাড়ীৰ পাছৰ চিটৰ পৰা নামি আহিছিল। অতি সৰল ঘূৰণীয়া ডিঙিৰ টি-চাৰ্ট আৰু জিন্স ট্ৰাউজাৰ পিন্ধি। মুখত ক’লা মাস্ক পৰিধান কৰি আছিল । চকুত ক’লা চানগ্লাছ।

আৰিয়ানৰ অধিবক্তা সতীশ মানশিন্দে একেদিনাই বোম্বাই উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰে। বিচাৰকজনে কয় যে তেওঁ অহা মঙলবাৰে গোচৰটোৰ শুনানি ল’ব।

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

Exit mobile version