Rohingya : সন্ত্ৰাসবাদীৰ নির্দেশত হত্যা ৰোহিংগা নেতাক, জনালে গুপ্তঘাতকে

terrorism

ৰোহিংগা নেতা মুহিবুল্লাক হত্যা কৰা হৈছে সন্ত্ৰাসবাদী সংগঠন আৰছা-ৰ নেতৃত্বৰ নির্দেশত । ৰোহিংগাসকলক দেশত উভতাই আনিবৰ বাবে তেওঁ তৎপৰ হ’লেও আৰছাই সেইটো বিচৰা নাছিল । সেয়ে মুহিবুল্লাক নিঃশেষ কৰাৰ সিদ্ধান্ত লয় আৰছাই । এই হত্যাকাণ্ডত অংশ লোৱা এজন হত্যাকাৰীয়ে দুদিন পূৰ্বে ধৰা পৰাৰ পাছত তেওঁ আৰক্ষীক এই তথ্য জনায় । আদালতত স্বীকাৰোক্তিমূলক জবানবন্দিও দিছে এই হত্যাকাৰীজনে ।

বাংলাদেশ চৰকাৰ স্বীকাৰ নকৰিলেও কক্সবজাৰৰ উখিয়াত ৰোহিংগা শৰণার্থী শিবিৰবোৰত ম্যানমাৰৰ সন্ত্ৰাসবাদী সংগঠন আৰছা (আৰাকান ৰোহিংগা ছালভেচন আর্মী)-ৰ উপস্থিতি আৰু দৌৰাত্ম্য ক্রমশ প্রকট হৈছে । ৰোহিংগা নেতা মহম্মদ মুহিবুল্লাক কে’বামাহ আগতে অজ্ঞাত পৰিচয় হত্যাকাৰীসকল শৰণার্থী শিবিৰতেই গুলি কৰি হত্যা কৰাৰ পাছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সেয়া সাধাৰণ দুষ্কৃতীৰ কাম বুলি বর্ণনা কৰিছিল ।

কিন্তু মুহিবুল্লাৰ পৰিয়ালবৰ্গই আৰম্ভণিৰ পৰাই অভিযোগ কৰি আহিছিল, পাকিস্তানৰ সহায়ত আৰু প্রশিক্ষণত তৈয়াৰী কট্টৰপন্থী ইছলামী সন্ত্ৰাসবাদী সংগঠন আৰছাই এই হত্যা কৰিছে । তেওঁলোকে কিছুদিনৰ পৰা মুহিবুল্লাক হুমকি দি আছিল । সম্প্রতি শৰণার্থী শিবিৰৰ এটা মাদ্রাছাত আক্ৰমণ চলাই ছজনক হত্যা কৰা হৈছে । আৰক্ষীয়ে এই হত্যাকাণ্ডক মাদক দ্ৰব্যৰ চোৰাং ব্যৱসায়ী গোষ্ঠীৰ সংঘর্ষ বুলি বর্ণনা কৰিলেও, ইয়াৰ লগতো আৰছা-ৰ নাম উত্থাপন হৈছে ।

আৰাকান ৰোহিংগা ছ’চাইটী ফৰ পিছ এণ্ড হিউমেন ৰাইটছৰ চেয়াৰমেন মুহিবুল্লাই শৰণার্থীসকলক সন্মানজনকভাৱে দেশত উভতোৱাৰ দাবীত আন্তর্জাতিক মহলত যোগাযোগ কৰি পৰিচিতি পাইছিল । গ্রেপ্তাৰ হোৱা আজিজুল হকে জনাইছে, এনেদৰে তেওঁ গুৰুত্বপূর্ণ হৈ উঠাত আৰছা অসন্তুষ্ট হৈছিল । সন্ত্ৰাসবাদী সংগঠনে তেওঁক স্তব্ধ হ’বলৈ কৈছিল । কিন্তু তেওঁ মান্তি নহয় । আজিজুলে জনাইছে, সংগঠনৰ ‘ওপৰ মহল’ৰ পৰা নির্দেশ অহাৰ পাছত তাক ৰূপায়ণৰ বাবে তেওঁলোক কেইজনমান স্থানীয় এটা টিলাত বৈঠকত মিলিত হয় । সিদ্ধান্ত লয় পাছৰ দিনাই এই ৰোহিংগা নেতাক হত্যা কৰা হ’ব ।

পৰিকল্পনা অনুযায়ী এদল বন্দুকধাৰী শিবিৰত এটা অমিতা বাগানত গোট খায় । দুজন ব্যক্তিয়ে মুহিবুল্লাক জনায়, কিছুসংখ্যক শৰণার্থী উভতি যাব বিচাৰে । তেওঁলোকে কথা পাতিব আহিব । পাছত মুহিবুল্লাই তেওঁৰ দফতৰত বহাৰ পাছত বন্দুকধাৰীসকলে আক্ৰমণ কৰে । আজিজুলে জনাইছে, তেওঁৰ কাম আছিল দুৱাৰৰ আগফালে থিয় হোৱা । ঘৰৰ ভিতৰত থকা তিনিজন বন্দুকধাৰীয়ে লক্ষ্যত গুলি কৰিব নোৱাৰিলে, তেওঁ গুলি কৰিবলগীয়া হ’ল হয় । কিন্তু ঘৰৰ ভিতৰত সোমাই হত্যাকাৰীসকলে মুহিবুল্লাক নিচেই কাষৰ পৰা গুলি কৰি হত্যা কৰে ।

২০১৮-ৰ আগষ্টত আৰছা-ৰ সন্ত্ৰাসবাদীসকলে একে নিশাতে ম্যানমাৰ আৰক্ষী আৰু সেনাসকলৰ ৩৯টা শিবিৰত আক্ৰমণ কৰি কিছুসংখ্যকক হত্যা কৰে । তাৰেই প্ৰতিশোধ হিচাপে সেনাসকলে ৰোহিংগাসকলৰ উৎখাতত নামে । প্রায় ১১ লাখ ৰোহিংগাই বাংলাদেশত আশ্রয় লয় । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ শাখাই তেওঁলোকৰ আশ্রয়ৰ ব্যৱস্থা কৰিলেও অভিযোগ উত্থাপিত হয়, শৰণার্থীসকলৰ মাজতেই সন্ত্ৰাসবাদীৰ একাংশ সোমাই আছে ।

কিন্তু নানা বাধ্যবাধকতাৰ বাবে বাংলাদেশ চৰকাৰে এতিয়াই আৰছা-ৰ উপস্থিতি স্বীকাৰ কৰিব নিবিচাৰে । ম্যানমাৰ সীমান্তৰে মাদক দ্ৰব্য, সোণ, অস্ত্রৰ চোৰাং বেহাত শিবিৰৰ ৰোহিংগাসকলৰ একাংশ জড়িত হৈ আছে বুলি, সম্প্রতি বৈদেশিকমন্ত্রী এ কে আব্দুল মোমেনে স্বীকাৰ কৰিছে । তেওঁ জনায়, বিষয়টো সম্প্ৰতি উদ্বেগজনক হৈ পৰিছে । চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সেই সীমান্তত গুলি চালনাৰ নির্দেশ দিব সীমান্ত ৰক্ষীসকলক — এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

Exit mobile version