বিউটি ছুপাৰফুড হৃদযন্ত্রৰ বাবে উপকাৰী

aonaga jibai

তিয়ঁহক ‘বিউটি ছুপাৰফুড’ হিচাপে আখ্যা দিয়া হয়। এইবিধ পাচলিৰ পৰা বহুতাে উপকাৰ লাভ কৰিব পাৰি। তিয়ঁহৰ গুণাগুণ সম্পর্কে ইতিমধ্যে বহুতাে গৱেষণা হৈছে।

শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে তিয়ঁহ নিয়মীয়াকৈ খালে বহুতাে হৃদৰােগ প্ৰতিৰােধ কৰাটো সম্ভৱ। ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে বাবে শৰীৰত পানীৰ অভাৱ নহয়। সেই বাবে গৰমৰ দিনত এইবিধ পাচলি বেছিকৈ খাবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়ায়।

ইয়াত প্রদাহ প্ৰতিৰােধী যৌগ পােৱা যায়। তদুপৰি ভিটামিন ‘কে’ উপলব্ধ হােৱা বাবে শৰীৰৰ বাবেও উপকাৰী। তিয়ঁহত থকা বিভিন্ন উপাদানে হৃদৰােগ প্ৰতিৰােধ কৰে। ৰক্তচাপ নিয়ন্ত্রণতাে উপকাৰী বুলি কোৱা হয়।

গৱেষকসকলে এই বুলি মন্তব্য কৰিছে। যে তিয়ঁহত থকা মেগনেছিয়াম আৰু পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰে। প্ৰস্ৰাৱৰ মাধ্যমত ছ’ডিয়াম নিয়ন্ত্রণ ৰখাতে সহায়ক বুলি কয়।

তিয়ঁহত থকা এন্টিঅক্সিডেন্টসমূহক অক্সিডেটিভ স্ট্রেচক বাধা দিয়ে। ইয়াত থকা বিভিন্ন উপাদানে আনকি কর্কটৰােগাে প্ৰতিৰােধ কৰে। তেজত শৰ্কৰা নিয়ন্ত্রণত বিশেষভাৱে সহায় কৰে। শৰ্কৰাৰ পৰিমাণ কম হােৱা মানে ৰক্তনলীসমূহৰ সমান্তৰালভাৱে হৃদযন্ত্ৰৰ কোষসমূহ ধ্বংসৰ পৰা ৰক্ষা হােৱা।

Exit mobile version