বিয়াৰ এক মাহৰ ভিতৰতে পত্নীক বিক্ৰী কৰিলে নবালকে,কিনিলে স্মাৰ্টফ’ন

1605829074 5fb701d253173 student terrified for abusive post in facebook

বিয়াৰ এক মাহৰ পাছত পত্নীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হ’ল এজন নাবালকৰ বিৰুদ্ধে । পৰিয়ালৰ লোকৰ অভিযোগ পোৱাৰ পাছত মহিলাগৰাকীক উৰিষ্যা আৰক্ষীয়ে উদ্ধাৰ কৰিছে । অভিযুক্ত নাবালকজনক গ্ৰেপ্তাৰ কৰি জুভেনাইল আদালতলৈ লৈ যোৱা হয়।

আৰক্ষীয়ে জনাইছে ,১৭ বছৰীয়া যুৱকজনৰ ঘৰ উৰিষ্যাৰ বালাংগীৰ জিলাত। জুলাইৰ মাহত এগৰাকী ২৬ বছৰীয়া ছোৱালীৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ।

সামাজিক অনুষ্ঠানৰ জৰিয়তে বিবাহ সম্পন্ন হৈছিল। নাবালকজনে তেওঁৰ পত্নীক আগষ্টত ৰাজস্থানত কাম কৰিবলৈ লৈ গৈছিল।

তেওঁ তাত এটা ইটাৰ কাৰখানাত কাম কৰিছিল। অভিযোগ অনুসৰি তেওঁ যোৱাৰ কিছুদিনৰ পাছত তেওঁৰ পত্নীক এজন ৫৫ বছৰীয়া ব্যক্তিক বিক্ৰী কৰিছিল।

আৰক্ষীয়ে জনাইছে, নাবালকজনে তেওঁৰ পত্নীক এক লাখ ৮০হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল। অভিযুক্তজনে সেই টকাৰে এখন ডাঙৰ ৰেষ্টুৰেণ্টত ভাল খাদ্য খোৱাৰ পাছত এটা স্মাৰ্টফোন কিনিছিল।

অভিযুক্তজন অলপতে ৰাজস্থানৰ পৰা উৰিষ্যালৈ উভতি আহে। তেওঁ কয় যে পত্নীয়ে তেওঁক এৰি আন কাৰোবাৰ স’তে পলাই গৈছিল। অৱশ্যে, যুৱতীগৰাকীৰ পৰিয়ালে তেওঁক বিশ্বাস কৰা নাছিল। তেওঁলোকে বিষয়টোক লৈ আৰক্ষীত অভিযোগ দাখিল কৰে।

অনুসন্ধান কৰাৰ পাছত বালাংগীৰৰ এটা আৰক্ষী দল ৰাজস্থানত উপস্থিত হয়। মহিলাগৰাকীক তাৰ পৰা উদ্ধাৰ কৰা হয়।

বেলাপাৰা আৰক্ষী থানাৰ এজন বিষয়াই কয়, “নাবালকজনে জেৰাৰ সময়ত তেওঁৰ পত্নীক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছিল। স্থানীয় লোকে মহিলাগৰাকীক অনাত বাধা দিছিল। অতি কষ্টেৰে আমি মহিলাগৰাকীক ঘূৰাই আনিবলৈ সক্ষম হৈছিলোঁ। “নাবালকজনক আৰক্ষীয়ে কিশোৰ আদালতত তুলি লৈছিল। তাৰ পাছত তেওঁক সংশোধনাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

Exit mobile version