সজাগ সমাজ-ৰাষ্ট্ৰৰ প্ৰগতিৰ আধাৰ এনটিপিচি, বঙাইগাঁৱৰ সতৰ্কতা সজাগতা সপ্তাহ আৰম্ভ

WhatsApp Image 2021 10 26 at 6.24.30 PM

সমগ্ৰ ৰাষ্ট্ৰখনৰ লগতে এনটিপিচি, বঙাইগাঁৱেও আজিৰেপৰা এক নৱেম্বৰ, ২০২১ লৈকে সতৰ্কতা সজাগতা সপ্তাহ পালন কৰিছে ।

ষ্টেচনটোৰ টাউনশ্বিপৰ ভিতৰত ইয়াৰ কৰ্মচাৰীসকলে প্ৰভাত ফেৰীত অংশগ্ৰহণেৰে এই কাৰ্য্যসূচী আৰম্ভ হয় । পাছত, এনটিপিচি, বঙাইগাঁৱৰ ইডি সুব্ৰত মণ্ডলে এনটিপিচি, বঙাইগাঁৱৰ চিভিঅ’ উজ্জ্বল সৰকাৰ আৰু ষ্টেচনটোৰ সকলো বিভাগীয় মুৰব্বী, কৰ্মচাৰীৰ উপস্থিতিত সতৰ্কতাৰ শপত বাক্য পাঠ কৰায় । সংস্থাটোৰ সতৰ্ক হৈ থকা আৰু এক অখণ্ডতা-আধাৰিত প্ৰণালীৰ দিশত সচেষ্টতাৰ বাবে এই সপ্তাহ পালন কৰা হৈছে যিয়ে কোম্পানীটোৰ ভিতৰত এক পেছাদাৰী আৰু নৈতিক সংস্কৃতি প্ৰোথিত কৰিবলৈ নিৰন্তৰ সোঁৱৰাই দিয়ে ।

মণ্ডলে এখন দুৰ্নীতিমুক্ত সমাজৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৰ্মচাৰী আৰু সহযোগীসকলক সংস্থাটোক সতৰ্ক আৰু অখণ্ডতা আধাৰিত কৰি তোলাৰ বাবে ভিন্ন ব্যৱস্থা/পদক্ষেপ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান জনায় । প্ৰকল্প চৌহদৰ ভিতৰতো সতৰ্কতাৰ শপত বাক্য পাঠ কৰোৱা যায় য’ত জিএম (অ’এণ্ডএম) টি. ৰবিন্দৰ, জিএম (অপাৰেচন) ডি.পি. পাত্ৰয়ে প্ৰকল্পটোৰ অভিযন্তাসকলৰ মাজত শপত বাক্য পাঠ কৰায় । ৰবিন্দৰে আজিৰ তাৰিখত এক সজাগ সংস্থাৰ ভূমিকা আৰু দুৰ্নীতিৰ বিপদ সন্দৰ্ভতো আলোকপাত কৰে ।

ষ্টেচনটোৰ ভিজিলেন্স শাখাই আয়োজন কৰা এই সপ্তাহজোৰা উদ্‌যাপনত ক’ভিডৰ যথোচিত আচৰণ পালনেৰে সংস্থাটোৰ ভিতৰে-বাহিৰে ভিন্ন প্ৰতিযোগিতা আৰু ক্ৰিয়া-কলাপ অনুষ্ঠিত কৰা হ’ব ।

Exit mobile version