চাকৰি এটা পাবলৈ মানুহে কিমান পৰিশ্ৰম কৰিব লাগে সেয়া সকলােৰে জ্ঞাত। চাকৰি পােৱাৰ পাছতাে প্রতিদিনে কর্মক্ষেত্ৰত কৰিব লাগে কঠোৰ শ্ৰম।
কিন্তু এবাৰ ভাৰি চাওকচোন যদি একো কাম-বন বা পৰিশ্ৰম নকৰাকৈ কেৱল বিছনাত শুই থাকিয়ে আপুনি লাখ লাখ টকা উপার্জন কৰিব পৰা হ’লে!
হয়, বাস্তৱত এতিয়া এয়াও সম্ভৱ। আপুনি বিছনাত শুই থাকিয়ে বছৰি লাভ কৰিব পাৰিব ২৫ লাখ টকাৰ বেতন। অবিশ্বাস্য যেন লাগিলেও এনে এটা চাকৰিৰে অলপতে এক বিজ্ঞাপন প্রকাশ কৰিলে ব্রিটেইনৰ এটা কোম্পানীয়ে।
এই কোম্পানীটোৱে মেট্রেছ তৈয়াৰ কৰে। ‘ক্রাফটেড বেডছ’ নামৰ কোম্পানীটোৱে মেট্রেছ টেষ্টাৰ পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে।
কোম্পানীটোৱে উল্লেখ কৰা অনুসৰি, মেট্রেছ টেষ্টাৰ পদত নিযুক্ত কর্মচাৰীয়ে কেৱল বিছনাত শুই থাকিয়ে বছৰি ২৫ লাখ টকাৰ বেতন লাভ কৰিব।
‘ দ্য মিৰৰ’ৰ বাতৰি মতে, ব্রিটেইনৰ মেট্রেছ কোম্পানী ‘ক্রাফটেড বেডছ’- এই আজৱ চাকৰিত নিযুক্তিৰ সুযােগ দিব। অৱশ্যে নিযুক্ত কর্মীয়ে কোনাে কার্যালয়লৈ অহা-যােৱা কৰিব নালাগিব, মাত্র ঘৰতে নিতৌ কমেও সাত ঘণ্টা কোম্পানীটোৱে তৈয়াৰ কৰা মেট্রেছত শুব লাগিব।
তদুপৰি কোম্পানীটোৱে এই মেট্রেছ। নিজে কর্মচাৰীৰ ঘৰলৈ প্ৰেৰণ কৰিব। নিযুক্ত কৰ্মীৰ কাম হ’ব সাত ঘণ্টা উক্ত মেট্রেছত শুই থাকি সেই মেট্রেছৰ ইতিবাচক আৰু:নেতিবাচক দিশৰ কথা কোম্পানীক অৱগত কৰিব লাগিব।
প্রতি সপ্তাহত মেট্রেছ টেষ্টাৰে এইদৰে কোম্পানীটোৰ মেট্রেছৰ গুণাগুণ বিশ্লেষণ কৰি প্রতিবেদন দাখিল কৰিব লাগিব।
ইয়াৰ বাবদ কোম্পানীটোৱে বছৰি আদায় দিব ২৪,০০০ পাউণ্ড অর্থাৎ প্রায় ২৫ লাখ টকা। ৱৰ্ক ফ্রম হােম পদ্ধতিৰে কৰিব লগা এই কামত কর্মী নিযুক্ত হ’বলৈ হ’লে প্রার্থী ব্রিটেইনৰ নিবাসী হ’ব লাগিব।