ICOMOS : বিশ্বভাৰতীয়ে হেৰিটেজৰ তালিকাত স্থান পাব নে নাই ? পৰিদর্শনত প্রতিনিধি দল

images 4

ৱর্ল্ড হেৰিটেজ ছাইটৰ তালিকাত স্থান পাব নেকি বিশ্বভাৰতীয়ে (Visva Bharati) ? অতি শীঘ্ৰে লাভ কৰিব এই প্রশ্নৰ উত্তৰ । মঙলবাৰে বিশ্বভাৰতী পৰিদর্শনত আহে ইন্টাৰনেচনেল কাউন্সিল অন মনুমেন্টছ এণ্ড ছাইটছ-ৰ (ICOMOS) প্রতিনিধিদল । এই ইউনেস্কো দলৰ নেতৃত্ব দিছে ছুইজাৰলেণ্ডৰ (Switzerland) কাই ৱেইছে (Kai Weise), তেওঁ ইন্টাৰনেচনেল কাউন্সিল অৱ মনুমেন্টছ এণ্ড ছাইটছ (ICOMOS) বিশেষজ্ঞ । তেওঁলোকৰ মতামতৰ ভিত্তিতেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বিশ্বভাৰতীয়ে স্থান পাব নে নাই । এই দলৰ ভ্ৰমণৰ আগতেই বিশ্বভাৰতীৰ সকলো ভাস্কর্য আৰু ঐতিহ্যমণ্ডিত স্থান সংস্কাৰৰ কাম আৰম্ভ কৰিছে ভাৰতীয় পুৰাতত্ব বিভাগৰ প্রতিনিধিসকলে ।

বিশ্বভাৰতীৰ মত এটা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ে এই তালিকাত স্থান পাব নে নাই সেয়া এক গুৰুত্বপূর্ণ বিষয় । সেয়ে বিশ্বভাৰতীৰ কর্তৃপক্ষ আৰু ভাৰত চৰকাৰৰ উদ্যোগত এটা দলে বিশ্বভাৰতীৰ উপাসনা ভৱনৰ পৰা আৰম্ভ কৰি কলা ভৱনৰ বিভিন্ন ভাস্কর্যসমূহ সংস্কৰণৰ কাম আৰম্ভ কৰিছে । ICOMOS-ৰ দল ইতিমধ্যেইবিশ্বভাৰতীত উপস্থিত হৈছে । তেওঁলোকে বিশ্বভাৰতী পৰিদৰ্শন কৰিছে আৰু এই পৰিদৰ্শনৰ শেষত তেওঁলোকে এটা প্ৰতিবেদন জমা দিব আৰু সেই প্ৰতিবদেনৰ ভিত্তিতেই সিদ্ধান্ত লোৱা হ’ব যে বিশ্বভাৰতীয়ে ৱর্ল্ড হেৰিটেজ ছাইটৰ তালিকাত স্থান পাব নে নাই । এই দলক সহায় কৰিবৰ বাবে বিশ্বভাৰতীৰ তৰফৰ পৰা বিভিন্ন ফাইল তৈয়াৰ কৰা হৈছে । সেই ফাইলবোৰত বিশ্বভাৰতীৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান সম্পর্কে দাঙি ধৰা হৈছে ।

ইয়াৰ পূৰ্বেও এবাৰ ৱর্ল্ড হেৰিটেজ কৰা হ’ব নে নাই সেই বিষয়ত আলোচনা কৰা হৈছিল । সেই সময়তো প্রতিনিধি দল আহিছিল । কিন্তু সেই সময়ত এই দাবী বাতিল করাৰা হয় । কিন্তু এইবাৰ যাতে দাবী বাতিল নহয় সেই বাবে ভাৰত চৰকাৰ আৰু বিশ্বভাৰতী কর্তৃপক্ষ‌ই সকলো ধৰণৰ উদ্যোগ লৈছে ।

Exit mobile version