Facebook : সলনি হ’ল ফেচবুকৰ নাম ! সংস্থাৰ নতুন নাম ঘোষণা কৰিলে জুকাৰবাৰ্গে

meta fb

সলনি হ’ল ফেচবুকৰ (Facebook) নাম । সংস্থাৰ নতুন নাম ‘মেটা’ (Meta) । ইয়াৰ লগতে ল’গ’ও পৰিৱৰ্তন কৰা হৈছে । অৱশ্যে সংস্থাৰ নাম বদলিলেও ফেচবুক এপৰ নাম সলনি হোৱা নাই । সংস্থাই তৈয়াৰ কৰা ইনষ্টাগ্রাম, ফেচবুক, মেছেঞ্জাৰ আৰু হোৱাটছ‌এপৰ নাম একেই আছে । সংস্থাৰ নতুন নাম আৰু প্রথম দিনৰ পৰা আজি পর্যন্ত সংস্থাৰ দীর্ঘ পথ চলাৰ বিষয়ত ফেচবুকত দীর্ঘ প’ষ্ট কৰিছে চিইঅ’ মার্ক জুকাৰবার্গে (Mark Zuckerberg) ।

বৃহস্পতিবাৰে কানেক্ট ২০২১ নামে এক ভিডিঅ’ কনফাৰেন্সত উপস্থিত হয় ফেচবুকৰ চিফ এক্সিকিউটিভ অফিচাৰ তথা প্রতিষ্ঠাতা মার্ক জুকাৰবার্গ । তাতেই তেওঁ সংস্থাৰ নতুন নাম ঘোষণা কৰে ।

বিশেষজ্ঞসকলৰ ধাৰণা, ফেচবুক মেটাভার্ছৰ মাধ্যমত ভার্চুৱেল জগতত বন্ধুবৰ্গৰ স’তে আড্ডা দিয়া অধিক উপভোগ্য হ’ব । গেমিং বা আলোচনাৰ পৰা অনলাইন ক্ৰয়ৰ অভিজ্ঞতাই অন্য মাত্রা পাব । বিশেষজ্ঞসকলৰ দাবী, মেটাভার্ছেই ইন্টাৰনেটৰ ভৱিষ্যৎ । মেটাভার্ছৰ জৰিয়তে ইন্টাৰনেটৰ ভার্চুৱেল জগত ক্রমে বাস্তৱায়িত হৈ উঠিব । বর্তমান বিশ্বত ২.৯ বিলিয়ন মাহিলী গ্রাহক আছে ফেচবুকৰ । নাম সলনিৰ পাছত ফেচবুকৰ চাৰিত্রিক কোনো পৰিৱর্তন হ’ব নে নাই সেয়া এতিয়াও স্পষ্টভাৱে জনোৱা নাই সংস্থাৰ তৰফৰ পৰা ।

উল্লেখ্য, কেৱল নাম পৰিৱৰ্তনেই নহয় । জুকাৰবার্গৰ সংস্থাত ১০ হেজাৰ কর্মসংস্থানৰ বিষয়েও জনোৱা হৈছে । প্রসংগত, ২০০৪ৰ চাৰি ফেব্রুৱাৰীত যাত্ৰা আৰম্ভ কৰিছিল ফেচবুকে । ইনষ্টাগ্রাম, মেছেঞ্জাৰ, অকুলাছ, হোৱাটছ‌এপ্ এই সকলোবোৰেই মাদাৰ কোম্পানি ফেচবুকৰ অধীনস্থ আছিল ।

Exit mobile version