দক্ষিণৰ জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰৰ শুকুৰবাৰে দেহাৱসান ঘটে । হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত অভিনেতাজনক বাংগালুৰুৰ বিক্ৰম হাস্পতালত ভৰ্তি কৰা হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ । অভিনেতা ছনু ছুদে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি টুইট কৰিছে, “হাৰ্টব্ৰ’কেন ব্ৰ’কেন হাৰ্ট । তোমাক সদায় মিছ কৰিম ভাই । #পুনিতৰাজকুমাৰ” ।
https://twitter.com/SonuSood/status/1453998426920656898?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1453998426920656898%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.india.com%2Fentertainment%2Fpuneeth-rajkumar-dead-heart-attack-chest-pain-sonu-sood-lakshmi-manchu-tweet-kannada-actor-news-5075122%2F
কিংবদন্তি অভিনেতা ৰাজকুমাৰ আৰু পাৰ্বথামাৰ পুত্ৰ পুনিত ৰাজকুমাৰ । পুনিতে শিশু শিল্পী হিচাপে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু ১৯৮৫ত ‘বেত্তাদা হুভো’ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰো লাভ কৰিছিল । য়ুবৰাত্না, ৰাজকুমাৰ, অঞ্জনি পুত্ৰ, পাৱাৰ আৰু অপ্পুকে ধৰি তেওঁ ২৯খনতকৈও অধিক কানাড়া ছবিত অভিনয় কৰিছে । পুনিতৰ অনুগামীসকলে তেওঁক অপ্পু বুলি সম্বোধন কৰিছিল ।
লক্ষ্মী মাঞ্চুৱে অবিশ্বাস্যতা প্ৰকাশ কৰি লিখে, “অ’এমজি !!!!! ন’… এইটো সত্য হ’ব নোৱাৰে ! এইটো কেনেকে হ’ব পাৰে ? পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা । তোমাৰ আত্মাই চিৰশান্তিত থাকক । খুব সোনকালে গুচি গ’ল #পুনিতৰাজকুমাৰ ।”
https://twitter.com/LakshmiManchu/status/1453993128147357699?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1453993128147357699%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.india.com%2Fentertainment%2Fpuneeth-rajkumar-dead-heart-attack-chest-pain-sonu-sood-lakshmi-manchu-tweet-kannada-actor-news-5075122%2F
প্ৰাক্তন ক্ৰিকেট খেলুৱৈ বীৰেন্দ্ৰ শ্বেহৱাগে অভিনেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় টুইট কৰে, “#পুনিতৰাজকুমাৰৰ মৃত্যুৰ কথা শুনি দুঃখিত । উষ্ণ আৰু নম্ৰ, তেওঁৰ মৃত্যু ভাৰতীয় চিনেমাৰ বাবে বৃহৎ আঘাত । তেওঁৰ আত্মাই সদ্গতি লাভ কৰক । ওম শান্তি ।”
Saddened to hear about the passing away of #PuneethRajkumar . Warm , and humble, his passing away is a great blow to Indian cinema. May his soul attain sadgati. Om Shanti. pic.twitter.com/YywkotiWqC
— Virender Sehwag (@virendersehwag) October 29, 2021