এইবাৰ বিবাহৰ মণ্ডপত ৰিক্সা চলাই প্ৰৱেশ কৰিলে দৰা কইনাই

shutterstock 1215184675

নিজৰ বিবাহখন অগতানুগতিকভাৱে আয়োজন কৰাটো এতিয়া একাংশ লোকৰ বাবে এক নতুন আকৰ্ষণত পৰিণত হৈছে। কিছুদিন পূর্বে বিবাহ সম্পন্ন কৰি এহাল দৰা-কইনাই জেচিবিত উঠি নিজ ঘৰলৈ যাত্ৰা কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছিল।

এইবাৰ ভাইবেল হ’ল আন এটা ভিডিঅ’। দৰাই কইনাক এখন ৰিক্সাত উঠাই উপস্থিত হ’ল বিবাহ মণ্ডপত। এই ঘটনা সংঘটিত হ’ল নতুন দিল্লীত।

সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এক ভিডিঅ’ত আৱদ্ধ হোৱা দৃশ্য অনুসৰি, এখন সুসজ্জিত বিক্সাৰে দৰা-কইনাই মণ্ডপত উপস্থিত হৈ সকলোকে চমক দিছিল।

ৰিক্সাখন চলাইছিল স্বয়ং দৰাই, পাছফালৰ আসনত বহি আছিল কইনা। বিবাহ মণ্ডপত উপস্থিত থকা সকলোৱে এই দৃশ্য প্রত্যক্ষ কৰি অবাক হৈছিল।

দৰা-কইনাই বিক্সাত উঠি বিবাহ মণ্ডপত প্ৰৱেশ কৰাৰ সময়ত ডি জেয়ে বজাইছিল ‘ধূম’ ছবিৰ শীৰ্ষ গীত৷ স্বেৰৱানী পিন্ধি দৰাই ৰিক্সা চলাই দ্রুতগতিৰে কইনাসহ বিবাহ মণ্ডপত প্ৰৱেশ কৰিছিল।

প্রকাশিত বাতৰি অনুসৰি, দৰাৰ নাম ৰূপেশ মানাম আৰু কইনাৰ নাম বিধছনা চৌধুৰী। সম্প্রতি সামাজিক মাধ্যমত এই ভিডিঅ’ যথেষ্ট চৰ্চিত হৈছে।

দৰা আৰু কইনাই প্ৰকাশ কৰা অনুসৰি, বিবাহৰ দিনটো অধিক ৰোমাঞ্চকৰ আৰু স্মৰণীয় কৰি তুলিবলৈকে তেওঁলোকে আন বাহনৰ পৰিৱৰ্তে ৰিক্সাৰে বিবাহ মণ্ডপত প্ৰৱেশ কৰিছিল।

Exit mobile version