কিয় ফে’চবুকৰ নাম সলনি কৰি ‘মেটা’ৰাখিলে জুকাৰবাৰ্গে ?

Zuckerberg AP 1 1

অৱশেষত নাম সলনি হ’ল ফে’চবুক ইনকৰ্প’ৰেচনৰ। শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ সহ প্ৰতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া মার্ক জুকাৰবার্গে এই কথা প্রকাশ কৰি কয় যে এতিয়াৰে পৰা ফে’চবুক প্ৰতিষ্ঠানটো ‘মেটা প্লেটফৰ্মছ ইনকৰ্প’ৰেচন’ বা সংক্ষেপে মেটা হিচাপে পৰিচিত হ’ব।

শুকুৰবাৰে ভার্চুবেল সম্বোধনত জুকাৰবাৰ্গে ফে’চবুকৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰি কয়, ‘নতুন নামটোৱে ছ’চিয়েল মিডিয়াৰ সেৱাৰ পৰিৱৰ্তে মেটাভাৰ্চত বিনিয়োগৰ লক্ষ্যক প্রতিফলিত কৰিছে।

আমি গৌৰৱবে ঘোষণা কৰো যে আজিৰে পৰা আমাৰ সংস্থা মেটা নামৰে পৰিচিত হ’ব। আমাৰ লক্ষ্য একেই আছে। এতিয়াও সকলোকে একত্রিত কৰিবলৈ আমাৰ এপছ আৰু ব্ৰেণ্ডসমূহে সেবা অব্যাহত ৰাখিব।’ প্ৰতিষ্ঠানৰ নাম সলনি হ’লেও ফেচবুক এপৰ নাম সলনি কৰা নাই

জুকাৰবার্গে। ২০০৪ত ফেচবুক প্ৰতিষ্ঠা কৰা জুকাৰবাৰ্গে কয় যে মেটাভাৰ্ছ ধাৰণাটোক এখোজ আগুৱাই নিবলৈকে তেওঁ নিজৰ প্ৰতিষ্ঠানটোৰ নাম মেটালৈ সলনি কৰিলে।

জুকাৰবাৰ্গে মেটাভাৰ্ছক এক ‘ভার্চুৱেল পৰিবেশ’ হিচাপে বর্ণনা কৰি লগতে কয় সামাজিক মাধ্যমক এখোজ আগুৱাই নিবলৈ এতিয়াৰে পৰা ‘মেটাই কাম-কাজ নতুন ধৰণৰে অব্যাহত ৰাখিব।

Exit mobile version