অকালতে নোহোৱা হ’ল সম্ভৱনাপূৰ্ণ শিল্পী, ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁৱত

মাতৃ-কন্যাসহ থিতাতে নিহত পাঁচ, গুৰুতৰভাৱে আহত তিনি, আহতসকলক জি এম চি এইচ লৈ প্ৰেৰণ

IMG 20211031 WA0036
দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বেচিমাৰীত আজি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ-কন্যাসহ পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয় । সূত্ৰ অনুসৰি, তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ ০৭ জি ৬৭৯৪ নম্বৰৰ ছুইফট ডিজায়াৰ  আৰু বিপৰীতমুখে আহি থকা এ এছ ২৩ চি চি ১০০২ নম্বৰৰ ১২ চকীয়া ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় ।
বেছিমাৰী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘতিত এই পথ দুৰ্ঘটনাত ছুইফটৰ যাত্ৰী মাতৃ-কন্যা দৈমাপৰ মঞ্জুৱাৰা বেগম (৩৮) আৰু চানিয়াৰা আখতাৰা (১৪) সহ আৰিমাৰী গাঁৱৰ ইব্ৰাহীম আলী, আব্দুল আৱাল, শ্যামপুৰ গাঁৱৰ হাচেন আলী থিতাতে নিহত হয় ৷ লগতে, ৰফিকুল ইচলাম, আব্বাছ আলী আৰু আব্দুল্লাহ গুৰুতৰভাৱে আহত হয় ৷  ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে দলগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত যাত্ৰীসকলক জি এম চি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
https://youtu.be/fmxS6eXXQCU
উল্লেখ্য যে, পিতৃহীনা কিশোৰী কণমানি চানিয়াৰা আখতাৰা এজনী জনপ্ৰিয় ইউটিউবাৰ ৷ সৰুৰে পৰাই আখতাৰাই বিভিন্ন মঞ্চত গান গাই জনপ্ৰিয় হৈ উঠিছিল ৷ আখতাৰাই ইউটিউবৰ শ্বুটিঙৰ বাবে বিভিন্ন ঠাইলৈ গৈছিল  ৷ আজিও তাৰে অংশ হিচাপে তেজপুৰৰ কোনো অঞ্চলত শ্বুটিং কৰি উভতি আহোতেই সংঘটিত হ’ল এই দূৰ্ঘটনাটো ৷ ভৱিষ্যতে উজ্জ্বল সম্ভৱনা থকা এইগৰাকী শিল্পীৰ আজি এইদৰে মৃত্যু হোৱা ঘটনাত সমগ্ৰ অঞ্চলটোৰ ৰাইজ কান্দোনত ভাঙি পৰে ৷ কণমানি শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোত বিস্তৰ ক্ষতি হ’ল বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিছে  ৷ আনহাতে, পিতৃহীনা আখতাৰাৰ মাতৃৰ স’তে মৃত্যু হোৱাত ইহসংসাৰত থাকিল কণমানি দুগৰাকী ভাতৃ-ভগ্নী  ৷
https://youtu.be/x0An7MlHWic
Exit mobile version