পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত বগৰিঘাটতত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ ৷ ঘটনাৰ বিবৰণিৰ মতে, অঞ্চলটোৰ লোকে নিজৰ কুঁহিয়াৰ খেতিত কাম কৰিবলৈ যোৱা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃত্যু হোৱা বনৰীয়া হাতীটোক ৷
বনৰীয়া হাতীটোৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলবাসী ৰাইজে বন বিভাগক খবৰ দিয়ে ৷ ইপিনে, খেৰণি বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক মৰণোত্তৰ পৰীক্ষাৰ কৰি পোতাৰ ব্যৱস্থা কৰে ৷
উল্লেখ্য যে অঞ্চলটোত সঘনাই সংঘটিত বনৰীয়া হাতীৰ উপদ্ৰৱৰ অসহ্যতাত কোনো দুষ্টচক্ৰই বিহযুক্ত খাদ্য প্ৰদান কৰি মৃত্যু মুখত ঠেলি দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ ৰাইজে ৷