অসমৰ শৈক্ষিক মানচিত্ৰত বজালী এটি ব্যাপক ৰূপত চৰ্চিত নাম । বিশ্ববিদ্যালয়, মহাবিদ্যালয়কে ধৰি অনেক চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানেৰে বিদ্যায়তনিক ক্ষেত্ৰ গঢ়ি উঠা বজালী উচ্চ মাধ্যমিক আৰু ঊচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দিশটো কিন্তু চকুত লগাকৈ ক্ষীন । ভাবিলেই গা শিঁয়ৰি উঠিব লগাকৈ দুৰ্বল অংশগ্ৰহণ । এন. এছ. টি. অথবা এন. এম. এম. এছ.ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে ইয়াৰ পূৰ্ব বহুতেই ভূঁৱেই পোৱা নাছিল । অৱতীৰ্ণ হোৱাটো দূৰৰেই কথা ।
এনে প্ৰেক্ষাপটত বজালী জিলাৰ উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিয়েই এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাত বজালীৰ শিক্ষাৰ্থীক অৱতীৰ্ণ কৰোৱা বিষয়টোক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি বাস্তৱিক ক্ষেত্ৰত প্ৰয়োজনীয় তৎপৰতা প্ৰদৰ্শন কৰি জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, আৰু অধ্যক্ষসকলক আমন্ত্ৰণ কৰি এই প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে বহিব পাৰি, কিদৰে প্ৰপত্ৰ পূৰণ কৰিব লাগিব সেই বিষয়ে বিশ্লেষণ কৰি বিষয়টোত লাগি যাবলৈ বিদ্যালয় প্ৰধানসকলক আহ্বান জনায় ।
তেওঁ নিৰ্দেশকৰ ভূমিকা পালন কৰাই নহয়; ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ব্যস্ত সূচীৰ মাজতো বিদ্যালয় প্ৰধানসকলক এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় আৰু বৰপেটা জিলাৰ শিক্ষা বিষয়া মনোৰঞ্জন কাকতিয়েও শিক্ষক সকলকৰ লগত যোগাযোগ অব্যাহত ৰাখে । উপায়ুক্তৰ স্পষ্ট ঘোষণা শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত আমি সকলোৱে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব আৰু খাটনি কৰিব লাগিব ।
উল্লেখ্য় যে উপায়ুক্ত দেৱ চৌধুৰীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ বাবে ইয়াৰ পূৰ্বে এনে প্ৰতিযোগিতামূলক পৰীক্ষাত য’ত বজালীৰ এজনেও প্ৰপত্ৰ পূৰণ কৰা নাছিল তেনে স্থলত এইবাৰ বজালীৰ বিভিন্ন বিদ্যালয়ৰ ৪০০ গৰাকী শিক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণ কৰিছে । যিটো আজিৰ তাৰিখত সমগ্ৰ অসমত শীৰ্ষ পৰিসংখ্যা ৰূপে গণ্য হৈছে । ব্যাপক নিৰ্বাচনী ব্যস্ততাৰ পাছতো বিষয়টোত নিৰন্তৰ লাগি থকা উপায়ুক্তগৰাকীৰ প্ৰত্যাহ্বান গ্ৰহণৰ দুৰন্ত হাবিয়াসে বজালীৰ শৈক্ষিক পৰিমণ্ডললৈ আশাৰ উজ্জীৱিত ৰেঙণি কঢ়িয়াই আনিছে ।
যোৱা নিশা ১২ বজাত প্ৰপত্ৰ পূৰণৰ অন্তিম সময় আছিল যদিও কৰ্তৃপক্ষই হয়তো শিক্ষাৰ্থীৰ আশাব্যঞ্জক সঁহাৰি নোপোৱাৰ বাবেই উল্লিখিত সময় ২০ নৱেম্বৰলৈ বৃদ্ধি কৰিছে । উপায়ুক্তই প্ৰকাশ্যে কৈছে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁ শিক্ষাৰ্থীক নিজেই প্ৰশিক্ষণ দিব আৰু পাৰদৰ্শী সমল ব্যক্তিৰ দ্বাৰাও প্ৰশিক্ষণ দিয়াব । তেওঁৰ অভিমত বজালীৰ শিক্ষাৰ্থী উজলিব লাগিব ।






























