চীনৰ সামগ্ৰীক প্ৰত্যাহ্বান জনাই অসমৰ মৃৎ শিল্পীসকলে প্ৰতিবছৰে দিপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰি সমগ্ৰ ৰাজ্যখনতে এখন বজাৰ দখল কৰিবলৈ সক্ষম হয় । বৰ্তমান মিঠাতেলৰ জুই চাই দামে পোহৰৰ উৎসৱ অনুষ্ঠিত কৰাৰ আশাত চেঁচাপানী ঢালিছে ।
বিগত দুটা বছৰ ক’ভিডে জুৰুলা কৰাৰ পাছত মানুহৰ জীৱন আৰু জীৱিকাৰ পথ বৰ্তমান কিছু স্বাভাৱিক হৈছিল যদিও দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে । যাৰ ফলত উত্তৰ-পূৱ যোৰহাটৰ ঐতিহাসিক নিমাতীৰ ভিতৰ ককিলা কুমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি জাঁজীমুখৰ চিনাতলী, কুমাৰ গাঁও, দুইনৈমুখ কুমাৰগাঁৱৰ মৃৎ শিল্পীসকলো সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে । সমস্যাৰ মাজতো দিপাৱলী উদযাপনৰ বাবে উক্ত গাঁওসমূহৰ শিল্পী সকলে মাটিৰ চাকি আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ।
উল্লেখ্য যে, যোৰহাট জিলাৰ ঐতিহাসিক উক্ত গাঁওসমূহৰ অধিকাংশ পৰিয়ালৰ পুৰুষ-মহিলাই মৃৎ শিল্পৰ যোগেদি পৰিয়াল পোহপাল দি আহিছিল যদিও বৰ্তমান আধুনিক প্ৰযুক্তি কৌশলৰ অভাৱে তেওঁলোকক অসুবিধাত পেলাইছে । ফলত এইসকল মৃৎ শিল্পীয়ে তৈয়াৰ কৰা সামগ্ৰী বজাৰ দখল কৰাত কিছু সমস্যা হোৱা বুলি জনাইছে । অধিকাংশ পৰিয়াল আৰ্থিকভাৱে স্বচ্ছল নোহোৱাৰ বাবে উন্নত প্ৰযুক্তি কৌশলৰ যোগেদি দীৰ্ঘম্যাদী আঁচনিৰে শিল্পটোক জীয়াই ৰাখিবলৈ অসমৰ্থ হৈছে ।
মৃৎ শিল্পীসকলে যথেষ্ট কষ্টৰে কেঁচা সামগ্ৰী দূৰৈৰ পৰা কঢ়িয়াই আনিবলগীয়া হয় । বিক্ৰী কৰা সামগ্ৰীৰ উপযুক্ত মূল্য নাপাই বুলিও তেওঁলোকে ব্যক্ত কৰিছে । একেদৰে ৰজাঘৰীয়া অনিহাৰ বাবে এই কুটিৰ শিল্পটো সংকটৰ সম্মুখীন হৈছে । উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাখনে এই কুটিৰ শিল্পসমূহ জীয়াই ৰখাৰ কাৰণে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো পৰিতাপৰ বিষয় । ঐতিহাসিক শিল্পবোৰ জীয়াই ৰাখিবলৈ চৰকাৰে গুৰুত্ব দিয়াতো অতী প্ৰয়োজন বুলি ৰাইজে মত পোষণ কৰিছে ।