সামগ্ৰীৰ আৱৰণটোহে ‘মেড ইন ইণ্ডিয়া’, ভিতৰৰ সামগ্রী কিন্তু চীনাই

GettyImages 629418620 5a9fb1d304d1cf00385da87b

চৰকাৰ তথা বিভিন্ন সংগঠনে দেশবাসীক চীনা সামগ্ৰী বৰ্জনৰ বাবে আহ্বান জনাই আহিছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীৰ মাজত এইবাৰ দীপাৱলীত চীনা সামগ্ৰী বৰ্জনৰ ধুম উঠা বুলিও কেতবোৰ ব্যৱসায়িক সংগঠনে দাবী কৰিছে।

চীনা সামগ্ৰীৰ পৰিবৰ্তে দেশীয় সামগ্ৰীৰ প্ৰতি গ্ৰাহক আগ্ৰহী হৈছে আৰু ফলস্বৰূপে চীনে এক বৃহৎ আর্থিক ক্ষতিৰ সন্মুখীন হ’ব বুলি তেওঁলোকে সদৰী কৰিছে। কনফেডাৰেছন অব ইণ্ডিয়ান ট্রেডাৰ্ছ এছচিয়েছন (চি এ আই টি)য়ে সদৰী কৰা অনুসৰি, এইবাৰ দীপাৱলীত দেশীয় বজাৰে ঠন ধৰি উঠাৰ ফলত দেশৰ অৰ্থনীতিলৈ দুই লাখ কোটি টকাৰ প্ৰবাহৰ সম্ভাৱনা আছে।

ভাৰতত চীনা সামগ্ৰী বৰ্জনৰ যি ঢৌ উঠিছে তাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’ব ৰঙা চীন। চীনা ৰপ্তানি ব্যৱসায়ীসকল ৫০ হেজাৰ কোটিৰ লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত বুলি তেওঁলোকে সদৰী কৰিছে।

কিয়নো তেওঁলোকে কৰা এক জৰীপৰ তথ্য অনুসৰি দেশৰ আগশাৰীৰ মহানগৰীৰ গ্ৰাহক চীনৰ সামগ্ৰীৰ প্রতি আগ্রহী নহয়। তদুপৰি এইবেলি দীপাৱলী উপলক্ষে এই পর্যন্ত ফটকা-আলোকসজ্জাৰ সামগ্ৰীৰ লগতে অন্যান্য সামগ্রী চীনৰ পৰা আমদানি কৰা নাই ভাৰতীয় ব্যৱসায়ীসকলে।

যাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনে এক বৃহৎ অর্থনৈতিক ক্ষতিৰ সন্মুখীন হ’বলৈ গৈ আছে। তদুপৰি তেওঁলোকে চীনা সামগ্রী বৰ্জনৰ এই পদক্ষেপে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশে গতি কৰা বুলিও দাবী কৰিছে।

কিন্তু সৰ্বভাৰতীয় এই ব্যৱসায়ী সংগঠনটোৱে কৰা দাবীৰ সম্পূর্ণ এক ওলোটা ছবিহে বর্তমান বজাৰত দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন স্থানত এতিয়াও চীনা সামগ্ৰীৰ পয়োভৰ হোৱা পৰিলক্ষিত হৈছে।

দীপাবলী উপলক্ষে এতিয়া ৰাজ্যৰ বজাৰ গৰম। দীপাবলীলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে ৰাজ্যৰ সকলো বজাৰ এতিয়া ৰমৰমীয়া। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ মূল বজাৰসমূহত আজিৰ দিনটোত গ্ৰাহকৰ উপস্থিতি যথেষ্ট।

কিন্তু লক্ষ্যণীয় বিষয় যে গুৱাহাটীৰ বজাৰত আজিও উপলব্ধ চীনা আলোকসজ্জাৰ সামগ্ৰী। কম দামত উপলব্ধ হোৱা এই সামগ্ৰীৰ চাহিদা হ্রাস পোৱা নাই। আজিও গ্ৰাহকৰ প্ৰথম পছন্দ চীনা লাইট বা অন্যান্য সামগ্রী। গ্ৰাহকৰ যুক্তি— ‘দেশীয় সামগ্ৰীৰ দাম অধিক।

দুদিনীয়া উৎসৱ পালন কৰিবলৈ ইমান পইচা কোনে খৰছ কৰিব। ‘মেড ইন ইণ্ডিয়া’ লেবেল চায়েই আমি থৈ দিওঁ। তাৰ তুলনাত তিনিগুণ কম মূল্যত উপলব্ধ চীনা আলোকসজ্জাৰ সামগ্ৰী।’

ইপিনে, ব্যৱসায়ীসকলৰো কথা একে। গ্রাহকে কম দামত ভাল বস্তু বিচাৰে। কিন্তু দেশত নির্মিত সামগ্ৰীৰ দাম অধিক। যাৰ বাবে গ্ৰাহকে মুখ কোঁচায়। ১৫ ২০ টকাত উপলব্ধ চীনা লাইটৰ পৰিবৰ্তে এশ টকা দি কোনেও কিনিব নিবিচাৰে। তাৰ মাজতে কিছু গ্ৰাহকে দুই এডাল লাইটৰ মালা কিনে।

কিন্তু সেয়াও চীনা সামগ্ৰীৰ লগত। গুৱাহাটীৰ জোনাকী হাৰ্ডৱেৰ এণ্ড ইলেকট্রিকেলৰ স্বত্বাধিকাৰী তথা ‘দৈনিক পূৰ্বোদয়’ কাকতৰ প্ৰকাশক সঞ্জয় কেডিয়াই জানিবলৈ দিয়া অনুসৰি বজাৰত থলুৱা সামগ্ৰী বৰ বেছি নাই। যিখিনি আছে তাতো ‘ভেৰাইটি’ কম।

তেওঁ কয়, ‘এতিয়া বজাৰত চীনা আলোকসজ্জাৰ সামগ্ৰীয়েই উপলব্ধ হৈছে। গ্রাহকেও কম দামৰ সামগ্ৰী বিচাৰে। চীনা লাইট এডালত যদি ৪০ টকা হয় তেন্তে থলুৱাৰ দাম ২০০ টকা। সেয়ে গ্রাহকে নিবিচাৰে। আৰু গ্ৰাহকে নিবিচাৰে বাবে ব্যৱসায়ীসকলেও নাৰাখে।

অধিকাংশ মানুহে দীপাৱলীৰ সময়ত ২০০-৩০০ টকাৰ লাইট লওঁ বুলি দোকানলৈ আহে। সেই মূল্যত পোৱা চীনা লাইট দিপাৱলীৰ বাবে যথেষ্ট। যদি সেইখিনি টকাত থলুৱা সামগ্ৰী বিচাৰে তেতিয়া তাৰ মূল্য হৈ পৰিব ৮০০-৯০০ টকা। আমি হেজাৰ চেষ্টা কৰিলেও ইমান সহজে চীনা সামগ্ৰী বৰ্জন কৰাটো সম্ভৱ নহয়।’

ইপিনে, একে কথাই ক’ব বিচাৰে নৰ্থ ইষ্ট ইলেকট্রিক মার্চেন্ট এছ’চিয়েছনৰ সভাপতি বিজয় আগৰৱালে। তেওঁ কেৱল দীপাৱলীৰ সামগ্ৰীয়েই নহয় বৰঞ্চ চীনৰ যিমান সামগ্রী দেশবাসীয়ে ব্যৱহাৰ কৰি আছে তাৰ এতিয়াও ভাৰতে বিকল্প উলিয়াব পৰা নাই বুলি মন্তব্য কৰে।

বজাৰত ১৫, ২০, ২৫, ৩০ টকাত চীনা আলোকসজ্জাৰ সামগ্রী উপলব্ধ হয়। সেই সামগ্ৰীৰ উৎপাদন ব্যয় ইমানেই কম যে সেই মূল্যত ভাৰতত উৎপাদন কৰাটো অসম্ভৱ। যাৰ বাবে ভাৰতত প্ৰস্তুত কৰা সামগ্ৰী চ’ৰা দামত বিক্রী হয়। কিন্তু গ্রাহকক কম দামত ভেৰাইটি লাগে।

চীনা সামগ্রী বর্জন হোৱাটো সকলোৱে বিচাৰে কিন্তু তাৰ বিকল্প কি হ’ব বা সেই মূল্যত গ্রাহকে পাবনে নাপাই সেইটো নিশ্চিত কৰিব লাগিব; কিন্তু আজিৰ প্রেক্ষাপটলৈ চালে সেয়া আগন্তুক দহ বছৰলৈ সম্ভৱ নহ’ব যেন ভাব হয়।

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ মুখ্য বাণিজ্যিক কেন্দ্ৰ ফাঁচীবজাৰ, লাখটকীয়াৰ একাংশ ব্যৱসায়ীয়ে জনোৱা অনুসৰি বজাৰত উপলব্ধ হোৱা ‘মেড ইন ইণ্ডিয়া’ৰ আলোকসজ্জাৰ সামগ্ৰীসমূহৰ বাহিৰৰ আৱৰণখনহে ভাৰতত তৈয়াৰী।‘বেছ’ (মূল্য)টো চীনা। যদি কথাটো এনেকুৱাই হয় তেস্তে ভাৰতে চীনা সামগ্ৰী বৰ্জনেৰে চীনৰ অৰ্থনৈতিক ভেটিত মোক্ষম আঘাত হানিব বুলি ভাবি থকাটো মূৰ্খামিৰ বাদে আন একো নহ’ব বুলিও ব্যবসায়ীসকলে মন্তব্য কৰে।

Exit mobile version