Facebook : মুখাবয়ব পৰিচয় পদ্ধতি প্ৰত্যাহাৰ কৰিছে ফেচবুকে, প্রভাৱিত হ’ব ১০০ কোটিৰো অধিক গ্রাহক

1635919308 facebook

মুখাবয়ব পৰিচয়ৰ পদ্ধতি (ফেচিয়েল ৰিকগনিচন ছিষ্টেম) প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে ফেচবুকছ । এক বিবৃতি জাৰি কৰি ফেচবুকৰ কৃত্রিম বুদ্ধিমত্তা বিভাগৰ (আর্টিফিচিয়েল ইন্টেলিজেন্স) সহ-সভাপতি জেৰোম পেচেন্টিয়ে বুধবাৰে জনাইছে, এতিয়াৰে পৰা ফেচবুকে স্বয়ংক্রিয়ভাৱে গ্রাহকৰ মুখাবয়ব আৰু ভিডিঅ’ চিহ্নিত নকৰে ।

বিবৃতিতোত আৰু কোৱা হয়, এই স্বয়ংক্রিয় পদ্ধতি প্ৰত্যাহাৰ কৰাৰ ফলত এশ কোটিৰো অধিক গ্রাহকৰ মুখাবয়ব পৰিচিতিৰ ব্যক্তিগত টেমপ্লেটো প্ৰত্যাহাৰ কৰা হ’ব । ফলত এই সুবিধাৰ পৰা বঞ্চিত হ’ব গ্রাহকসকল ।

কেৱল মুখাবয়ব পৰিচিতি পদ্ধতিয়ে নহয়, ফেচবুকৰ এই সিদ্ধান্তৰ ফলত অট’মেটিক অল্ট টেক্সট (এএটি) পদ্ধতিও প্রভাৱিত হ’ব । এই পদ্ধতিৰ মাধ্যমত দৃষ্টিহীন ব্যক্তিসকলে কোনো ছবি সম্পর্কে ধাৰণা কৰিব পাৰে ।

কিন্তু হঠাৎ কিয় এই সিদ্ধান্ত ? ফেচবুক সূত্রে খবৰ, এই পদ্ধতিৰ যেনেদৰে ভাল দিশ আছে, তেনেদৰে বেয়া দিশটো আছে । বেয়া দিশটোৰ কথা বিবেচনা কৰিয়ে আৰু এই পদ্ধতিৰ অপপ্রয়োগৰ শংকা কৰি মুখাবয়ব পৰিচিতি পদ্ধতি প্ৰত্যাহাৰ কৰা হৈছে ।

Exit mobile version