ছ‌ইফ আলি খানৰ ডান্স ষ্টেপ নকল কৰি ভাইৰেল তেওঁৰ পুত্ৰ ইব্ৰাহিম, চাওক ভিডিঅ’

saif ali khan ibrahim ali khan seems prepared for a career in acting001

কৰণ জোহৰৰ (Karan Johar) আগন্তুক ছবি ‘ৰকি অউৰ ৰাণী কি প্রেম কহানী’ (Rocky Aur Rani Ki Prem Kahani) । ছবিত মুখ্য চৰিত্রত অভিনয় কৰিছে ৰণবীৰ সিং (Ranveer Singh) আৰু আলিয়া ভটে্ (Alia Bhatt) । সেই ছবিৰ জৰিয়তেই বলিউডত (Bollywood) ডেবিউ কৰিব ছইফ আলি খান (Saif Ali Khan) আৰু অমৃতা সিঙৰ (Amrita Singh) পুত্ৰ ইব্রাহিম আলি খানে (Ibrahim Ali Khan) । অৱশ্যে অভিনেতা হিচাপে নহয়, এই ছবিত তেওঁ কৰণ জোহৰক এছিষ্ট কৰিছে । সম্প্রতি সমাপ্ত হৈছে এই ছবিৰ শ্বুটিং ।

ছবিৰ শ্বুটিঙৰ শেষত ছেটত ইব্রাহিমক নাচি থকা দেখা গৈছে এটা ভিডিঅ’ত । ছইফ আলি খানৰ ‘কাল হো না হো’ (Kal Ho Naa Ho) ছবিৰ ইটস এ টাইম টু ডিস্কো গানৰ বিখ্যাত নাচৰ ষ্টেপত নচা দেখা যায় তেওঁক । সেই ভিডিঅ’তেই আপ্লুত নেটিজেন (Netizen) । সামাজিক মাধ্যমত (Social Media) আন এটা ছবিত ইব্রাহিমক দেখা যায় ৰণবীৰ সিং আৰু আলিয়া ভট্‌ৰ স’তে । এই ছবিত আলিয়া ৰণবীৰৰ লগতে দেখা যাব ধর্মেন্দ্র (Dharmendra), জয়া বচ্চন (Jaya Bachchan) আৰু শাবানা আজমিক (Shabana Azmi) ।

আগষ্টত এই ছবিৰ ছেটৰ এটা ভিডিঅ’ প’ষ্ট কৰিছিল কৰণ জোহৰে । ভিডিঅ’টো শ্বেয়াৰ কৰি কৰণে লিখে, ‘সেই দিন আহি গ’ল । মোৰ মূৰত বিভিন্ন ধৰণৰ ভাবনা ঘূৰিছে কিন্তু আটাইতকৈ ওপৰত থকা অনুভৱটো হৈছে কৃতজ্ঞতা । আমি প্রথম পৰ্যায়ৰ শ্বুটিং আৰম্ভ কৰিছো । সকলোৰে আশীর্বাদ আৰু মৰম কামনা কৰিছো’ । ২০১৬ত শেষবাৰ ‘এ দিল হে মুশকিল’ ছবি পৰিচালনা কৰিছিল কৰণ জোহৰে । পাঁচ বছৰ পাছত পুনৰ পৰিচালকৰ আসনত দেখা যাব তেওঁক ।

Exit mobile version