৭০ বছৰীয়া এগৰাকী জ্যেষ্ঠাক হত্যা কৰাৰ অভিযোগ দুই নবালকৰ বিৰুদ্ধে । হত্যাকাণ্ডটো ৩০ অক্টোবৰত মহাৰাষ্ট্ৰৰ পুনেৰ হিঞ্জ কুৰ্দ অঞ্চলৰ এটা বাসগৃহত সংঘটিত হৈছিল।
আৰক্ষীয়ে জনাইছে, এখন জনপ্ৰিয় ধাৰাবাহিক অনুসৰণ কৰি এই কাম কৰিছে ।
৩০ অক্টোবৰত নিজৰ ফ্লেটত মৃতদেহ উদ্ধাৰ হয় জ্যেষ্ঠাৰ । তেওঁৰ মূৰত গভীৰ আঘাতৰ চিন আছে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছত জ্যেষ্ঠাগৰাকীৰ পুত্ৰই সিনহাগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।
ঘটনাটোৰ ৪৮ ঘণ্টাৰ পাছত আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি উলিয়াবলৈ সক্ষম হয় ।
আৰক্ষীয়ে জনাইছে, দুই আৰক্ষী বিষয়াই অনুসন্ধান কৰাৰ পাছত জ্যেষ্ঠাগৰাকীৰ ফ্লেটলৈ গৈছিল। তেওঁলোকে তাত কে’বাটাও শিশুক খেলি থকা দেখে। শিশুসকলৰ স’তে কথা পাতি তেওঁলোকে গম পালে যে ৩০অক্টোবৰৰ দিনা খেলি থকাৰ মাজতে হঠাৎ তেওঁলোকৰ দুজন বন্ধু ঘৰলৈ যায়।
সেইদিনা তেওঁলোকৰ ফুচকা খোৱাৰ পৰিকল্পনাতো সেই দুজনে যোগ দিয়া নাছিল বুলি জানিবলৈ দিয়ে তেওঁলোকৰ বন্ধুবৰ্গই।
ইয়াৰ পাছত চিচিটিভি কেমেৰা দেখি কিশোৰ দুজনক আৰক্ষী বিষয়াই চিনাক্ত কৰি সোধা-পোছা কৰে। তেতিয়াই হত্যাৰ বিষয়ে জানিব পাৰিছিল আৰক্ষীয়ে ।
এজন আৰক্ষী বিষয়াই কয়, “জ্যেষ্ঠাগৰাকী যেতিয়া অকলে আছিল,তেতিয়া তেওঁৰ ঘৰত চুৰিৰ পৰিকল্পনা কৰিছিল দুই অভিযুক্তই।
সেই মতে,দুপৰীয়া প্ৰায় এক বাজি ৩০মিনিটত দুই অভিযুক্তই জ্যেষ্ঠাগৰাকীৰ ফ্লেটত প্ৰৱেশ কৰে। সেই সময়ত জ্যেষ্ঠাগৰাকীয়ে টিভি চাই আছিল।
দুই অভিযুক্তজনে জ্যেষ্ঠাগৰাকীৰ পৰা প্ৰায় ৬৭হেজাৰ টকা নগদ আৰু গহনা চুৰি কৰিছিল। অভিযুক্তই হাতৰ ছাপ পোৱাটো প্ৰতিহত কৰিবলৈ হাতমোজা পিন্ধিছিল।
এই পদ্ধতি টিভিএ এখন ধাৰাবাহিক চাই শিকিছিল কিশোৰগৰাকীয়ে । দুয়োকে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।




































