Afghanistan Crisis : অনুমতি দিয়া নাই পাকিস্তানে, খাদ্য সংকটত থকা আফগানিস্তানত ত্ৰাণ পঠাব পৰা নাই ভাৰতে

5760

আফগানিস্তানত তালিবানে দ্বিতীয়বাৰ চৰকাৰ গঠনৰ পাছত বহু দেশে ত্রাণ আৰু অনুদানৰ বিপুল পৰিমাণৰ অর্থ পঠোৱা বন্ধ কৰিছে । তেনে সময়তে আফগানিস্তানত প্রবল খাদ্য সংকটৰ শংকা কৰিছে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনবোৰে । চীন আৰু তুৰস্কৰ দৰে কিছুসংখ্যক দেশে ইতিমধ্যে আফগানিস্তানত ত্রাণ পঠোৱা আৰম্ভ কৰিছে । এই পর্যন্ত নতুন দিল্লীয়ে তালিবান চৰকাৰক স্বীকৃতি নিদিলেও আফগানিস্তানৰ জনসাধাৰণক খাদ্যৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছিল ভাৰত । কিন্তু অভিযোগ, পাকিস্তান চৰকাৰৰ অনুমতি নোপোৱাৰ বাবে ভাৰতে আফগানিস্তানত ত্রাণ পঠাব পৰা নাই, ইয়াকে লৈ সংশয় দেখা দিছে ।

বৈদেশিক মন্ত্রণালয় সূত্রে জনানো হৈছে, সম্প্রতি ৫০ হেজাৰ মেট্রিক টন গম আফগানিস্তানত প্ৰেৰণ কৰিবৰ বাবে পাকিস্তানৰ পথ ব্যৱহাৰৰ অনুমতি বিচাৰিছিল ভাৰতে । বিপুল পৰিমাণৰ গম আকাশ পথেৰে পঠোৱাত সমস্যা হ’ব বুলি স্থলপথত ট্রাকেৰে পাকিস্তান হৈ আফগানিস্তানলৈ লৈ যোৱাৰ কথা ভাবিছিল । ইয়াৰ বাবে প্ৰায় পাঁচ হেজাৰ ট্রাকৰ প্রয়োজন । যোৱা মাহতেই ভাৰতে পত্ৰ লিখি পাক চৰকাৰৰ অনুমতি বিচাৰিছিল যাতে ট্রাকবোৰ পাকিস্তানত প্ৰৱেশ কৰিব পাৰে । সেই প্রস্তাৱত অসন্মতি জনায় পাকিস্তানে । কিন্তু ভাৰতৰ অভিযোগ, এই পৰ্যন্ত ইছলামাবাদে ট্রাকবোৰ দেশত সোমোৱাৰ অনুমতি দিয়া নাই । ফলত আফগানিস্তানত ত্রাণ পঠোৱাৰ বিষয়টো সম্পূৰ্ণ স্তব্ধ হৈ আছে ।

লগতে, আফগানিস্তান প্রসংগত ভাৰতে আহ্বান কৰা এক আলোচনাত তেওঁ অংশ নলয় বুলিও স্পষ্টভাৱে জনাইছে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মইদ ইউছুফে । আফগানিস্তানৰ তালিবান চৰকাৰৰ পৰা চুবুৰীয়া দেশবোৰ সুৰক্ষিত হয় নে নহয়, সেই সন্দৰ্ভত আলোচনা কৰিবলৈ আগন্তুক ১০-১১ নৱেম্বৰত এটা সন্মিলনৰ আহ্বান জনাইছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে । পাকিস্তানৰ লগতে, চীন, তৰস্ক, ইৰান, উজবেকিস্তান, তাজিকিস্তানকো বৈঠকত যোগ দিয়াৰ আমন্ত্রণ জনাইছিল ভাৰতে । কালি ইছলামাবাদত ভাৰতক কটাক্ষ কৰি মইদে সাংবাদিকসকলক কয়, ‘‘যিয়ে সমস্যা সৃষ্টি কৰে তেওঁলোক কেতিয়াও শান্তি প্রতিষ্ঠা কৰিব নোৱাৰে ।’’ সমগ্ৰ দক্ষিণ এছিয়াত সন্ত্ৰাসবাদী কার্যকলাপৰ বাবে ভাৰতকে দোষাৰোপ কৰে মইদে ।

Exit mobile version