Attack on Journalist : পাকিস্তানত সাংবাদিকৰ বিৰুদ্ধে হিংসা বৃদ্ধি, বিশেষ ৱেবছাইট মুকলি

press freedom 771x515 1

পাকিস্তানত সাংবাদিকৰ বিৰুদ্ধে বৃদ্ধি পোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত সংবাদ সংগঠনে চৰকাৰৰ বিৰুদ্ধে এটা বিশেষ ৱেবছাইট মুকলি কৰিলে।

এতিয়ালৈকে ইমৰান খানৰ চৰকাৰে দুই ডজনৰো অধিক সাংবাদিকক দেশখনত গ্ৰেপ্তাৰ কৰিছে। ইমৰান চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে থিয় দি পাকিস্তানৰ সংবাদপত্ৰৰ সম্পাদক আৰু সাংবাদিকসকলে চৰকাৰৰ পদক্ষেপৰ সন্দৰ্ভত নিৰীক্ষণৰ উদ্দেশ্যৰে এডিটৰ্ছ ফৰ ছেফটি নামৰে এটা বিশেষ ৱেবছাইট মুকলি কৰিলে।

এই ৱেবছাইটত সাংবাদিকৰ বিৰুদ্ধে দেশখনত সংঘটিত হোৱা নিৰ্যাতন আৰু হিংসাত্মক ঘটনাৰ সবিশেষ তথ্যপাতি উপলব্ধ হ’ব। উল্লেখ্য যে ২০০২ৰ পৰা বৰ্তমানলৈকে পাকিস্তানত ৭৬ জন সাংবাদিক হত্যাৰ বলি হ’ল।

Exit mobile version