ওদালগুৰিত বিভিন্ন দল-সংগঠনৰ সুধাকণ্ঠক স্মৰণ

WhatsApp Image 2021 11 05 at 6.02.38 PM

সুধাকণ্ঠৰ দশম মৃত্যুবাৰ্ষিকী উপলক্ষে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক স্মৰণ কৰে । ওদালগুৰি সাহিত্যসভাৰ উদ্যোগত সাহিত্যসভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে মৃত্যু বাৰ্ষিকী পালন কৰে । এই উপলক্ষে পুৱা ১০ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ওদালগুৰি শতদল সাহিত্যসভাৰ সভাপতি কমলা কান্ত শৰ্মাই, ১০-১৫ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ওদালগুৰি সুধাকণ্ঠৰ প্ৰতিমূৰ্তি আৱৰক্ষণ সমিতিৰ সভাপতি গৌতম জ্যোতি তালুকদাৰে । ১০-৩০ বজাত সুধাকণ্ঠৰ স্মৃতিত স্মৃতিচাৰণ সভাৰ লগতে গীত-মাত, কবিতা আবৃতিৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

সন্ধিয়া পাঁচ বজাত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ বেদীত সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে সাহিত্যিক বিদ্যাপতি দাহাল, ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ ডেকা, ওদালগুৰি সুধাকণ্ঠৰ প্ৰতিমূৰ্তি আৱৰক্ষণ সমিতিৰ সভাপতি গৌতম জ্যোতি তালুকদাৰ, ওদালগুৰি শতদল সাহিত্য সভাৰ সভাপতি কমলা কান্ত শৰ্মা, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা বাচতোলাৰ লগতে বিভিন্নজনে ।

ইফালে, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থায়ো স্থানীয় ছহিদ বেদীৰ বাকৰিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে সুধাকণ্ঠৰ দশম মৃত্যুবাৰ্ষিকী পালন কৰে। একেদৰে ওদালগুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে সুধাকণ্ঠৰ মৃত্যু দিৱসটোক সোঁৱৰণ কৰে ।

Exit mobile version