শালবাৰীৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হংকাৰ ৰাইজৰ, বিভাগীয় বিষয়াৰে মিলি কোটি টকা আত্মসাত ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৰ

বাগসা জিলাৰ শালবাৰী মহকুমাৰ বাতাবাৰীত কুম্ভিৰা নৈৰ ওপৰত থকা দলংখন ঠিকাদাৰৰ হেমাহিৰ বাবে চাৰি বছৰে অসম্পূৰ্ণ হৈ থকাৰ লগতে আনন্দ বজাৰৰ পৰা পাটলা হৈ বাঁহবাৰী, কুঠৰীঝাৰ, মানাহ সংযোগী পথছোৱা নিৰ্মাণৰ কাম চৰকাৰীভাৱে আৱণ্টন হোৱাৰ পাছতো নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰি ঠিকাদাৰে সমস্ত ধন আত্মসাত কৰাৰ কথা পোহৰলৈ অহাত বহুকেইখন গাঁৱৰ ৰাইজে মিলি বাতাবাৰীত বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে ২০১৭ত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰা বাতাবাৰী, বাঁহবাৰী, কুঠুৰিঝাৰ, মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ৷ কিন্তু পথছোৱাৰ মেৰামতিৰ কাম আধাও নৌহওঁতেই অসম্পূৰ্ণ ৰাখিয়ে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই সমুদায় ধন উঠাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

ৰাইজৰ অভিযোগ, প্ৰায় ২০ কোটি টকা ব্যয়ৰ কাম সম্পূৰ্ণ নকৰি বিভাগীয় বিষয়াৰ স’তে মিলি টকা উঠাই খাইছে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ৷ এতিয়া পথছোৱা আৰু দলংখন নিৰ্মাণ নোহোৱাৰ ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে ৷ ছাত্ৰ-ছাত্ৰীয়ে কলগছৰ ভূৰেৰে যাতায়ত কৰিবলগীয়া হৈছে স্কুল-কলেজলৈ ৷ যাৰ বাবে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি আৰু পথ নিৰ্মাণৰ ধন আত্মসাত কৰাৰ বাবে একত্ৰিত হৈ কে’বাখনো গাঁৱৰ ৰাইজে মিলি প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক এই ক্ষেত্ৰত উচিত তদন্ত কৰি ধন আত্মসাতত জড়িত ঠিকাদাৰ, বিভাগীয় বিষয়া সকলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৷

স্থানীয় ৰইজৰ অভিযোগ মতে, ২০১৭ত আৰম্ভ কৰা পথ আৰু দলং নিৰ্মাণৰ কাম ২০১৮ত সম্পূৰ্ণ হোৱা দেখুৱাইছে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ৷ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ তদন্ত নকৰি কোকৰাঝাৰৰ উপ মুখ্য অভিযন্তাই কাম সম্পূৰ্ণ হোৱা বুলি স্বাক্ষৰ কৰিছে ধন উলিয়াই নিয়াৰ পথ ঠিকাদাৰক সুগম কৰি দিছে ৷ ৰাইজৰ অভিযোগ, দলং সম্পূৰ্ণ হোৱাটো দূৰৈৰে কথা, পথছোৱা নিৰ্মাণৰ কাম মাত্ৰ ২০ শতাংশহে সম্পূৰ্ণ হৈছে ৷

উল্লেখ্য ১৫/২০ খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ এই পথছোৱা নিৰ্মাণৰ কাম ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মক পুনৰাই সম্পূৰ্ণ কৰাৰ দাবী জনাইছে ৰাইজে অন্যথা ৰাজহুৱাভাৱে আইনগত ব্যৱস্থা হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ।

Exit mobile version