প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দীপাৱলী ভ্ৰমণৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হ’ল জম্মু আৰু কাশ্মীৰ । শুকুৰবাৰে সন্ধিয়া ৰাজধানী শ্রীনগৰৰ বেমিয়া অঞ্চলত এছকেআইএমএছ মেডিকেল কলেজ আৰু হাস্পাতালত সন্ত্ৰাসবাদীসকলে গুলি চালনা কৰিছে বুলি আৰক্ষী সূত্রে খবৰ । উলোটাই গুলি চালনা কৰিছে নিৰাপত্তা বাহিনীয়েও ।
এই পর্যন্ত ঘটনাটোত কিমান হতাহত হৈছে, সেই বিষয়ত কিছু জানিব পৰা নাই । দ্রুত নিৰাপত্তাবাহিনী ঘটনাস্থলত উপস্থিত হৈ সম্পূৰ্ণ হাস্পাতাল চৌহদ বেৰি লয় । আৰক্ষীয়ে জনাইছে, হাস্পাতালৰ ভিতৰত থকা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ কথা ভাবি কোনো তালাচী অভিযান চলোৱা নাই । পৰিয়ালবৰ্গৰ ভিৰত সন্ত্ৰাসবাদীসকলো লুকাই থাকিব পাৰে বুলি শংকা আছে ।
ভিৰৰ সুযোগ লৈ সন্ত্ৰাসবাদীসকলে গুলি চালনা কৰাৰ পাছত এলাকা ত্যাগ কৰি পলায়ন কৰিব পাৰে বুলি জনাইছে আৰক্ষীয়ে । উল্লেখ্য, বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ ৰজৌৰি জিলাৰ নওশ্বেৰাত সেনা জোৱানসকলৰ স’তে দীপাৱলী পালন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।
উল্লেখ্য যে, অক্টোবৰৰ আৰম্ভণিৰ পৰাই জম্মু আৰু কাশ্মীৰত ধাৰাবাহিক আক্ৰমণ চলাইছে সন্ত্ৰাসবাদীসকলে । তেওঁলোকৰ মূল লক্ষ্য ভিন ৰাজ্যৰ পৰা অহা শ্রমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল । বাচি বাচি হিন্দু আৰু শিখ সম্প্রদায়ৰ মানুহক হত্যা কৰাৰ কে’ব টাও ঘটনা সংঘটিত হৈছে । তেনে সময়তে সম্প্রতি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপত্যকাত গৈছিল । ইয়াৰ পাছতে ৰাজধানী শ্রীনগৰত অতিৰিক্ত ৫০ কোম্পানি নিৰাপত্তাবাহিনী মোতায়েন কৰা হৈছিল ।