ডেটিঙৰ বাবে মুকলি প্ৰস্তাৱ দিলে এই মডেলে, অৱশ্যে পালন কৰিব লাগিব ১০ চৰ্ত

unnamed

আপুনি আমেৰিকাৰ এইগৰাকী সুন্দৰী মডেলৰ স’তে ডেটিং কৰিব বিচাৰে নেকি? মডেল মাৰিয়া মিলছে ডেটিঙৰ বাবে পুৰুষসকললৈ এক প্ৰস্তাৱ আগবঢ়াইছে।

ইয়াৰ বাবে মাৰিয়াই ১০ টাকৈ চৰ্ত আৰোপ কৰিছে। যি পুৰুষে তেওঁৰ এই চৰ্তসমূহ পূৰণ কৰিব পাৰিব, সেই পুৰুষে মাৰিয়াৰ স’তে একেলগে থাকিব আৰু ডেটিং কৰিব পাৰিব।

‘দ্য ছান’ৰ বাতৰি অনুসৰি, মাৰিয়াই নিউয়ৰ্কত বাস কৰে আৰু তেওঁ ‘অনলি ফেনছ’ৰ এগৰাকী জনপ্ৰিয় মডেল। ২৮ বছৰীয়া মাৰিয়া ইনষ্টাগ্রামতো যথেষ্ট সক্রিয়।

ইনষ্টাগ্ৰামত তেওঁৰ এক লাখ ৮৩ হেজাৰ অনুগামী আছে। মাৰিয়াই প্ৰকাশ কৰা মতে, ডেটিঙৰ বাবে তেওঁ কেতিয়াও পুৰুষৰ অভাৱৰ সমস্যাত ভোগা নাই।

বৰঞ্চ তেওঁক বহু পুৰুষে ভাল পায় আৰু জীৱন সংগী হিচাপে পাব বিচাৰে। কিন্তু ইয়াৰ পাছতো জীৱনটোক অধিক ৰোমাঞ্চকৰ কৰি তুলিবলৈ মাৰিয়াই অচিনাকি পুৰুষৰ স’তে চৰ্ত সাপেক্ষে ডেটিঙলৈ যোৱাৰ এক পৰিকল্পনা গ্রহণ কৰিছে।

এবছৰৰ বাবে মাৰিয়াই এজন পুৰুষৰ স’তে একেলগে থাকি ডেটিং কৰিব বিচাৰিছে। যি পুৰুষে মাৰিয়াই আৰোপ কৰা ১০ টা চৰ্ত পূৰণ কৰিব পাৰিব, সেই পুৰুষে মাৰিয়াৰ স’তে এবছৰ একেলগে থকাৰ সুযোগ লাভ কৰিব।

অৱশ্যে মাৰিয়াই আৰোপ কৰা চৰ্তবোৰ পূৰণ কৰাটো যিকোনো পুৰুষৰ বাবে সহজ নহ’ব। মাৰিয়াই প্ৰথমতে আৰোপ কৰা চৰ্ত অনুসৰি; ডেটিঙৰ সংগী উক্ত পুৰুষৰে তেওঁৰ শাৰীৰিক চাহিদা পূৰণ কৰাৰ লগতে শয্যাত পাৰদৰ্শী হ’ব লাগিব।

দ্বিতীয়তে পুৰুষজনে সুন্দৰভাৱে সাজ-পাৰ কৰিব লাগিব। প্রতি সপ্তাহত পুৰুষজনে মাৰিয়াক ফুলৰ টোৰা উপহাৰ দিব লাগিব। মাৰিয়াৰ সকলো প্রসাধন ব্যয় বহন কৰিব লাগিব ডেটিঙৰ সংগীয়ে৷

প্রেমিকজন হ’ব লাগিব অতি আত্মবিশ্বাসী আৰু সাহসী পুৰুষ। ডেটিং কৰা পুৰুষজনে মাৰিয়াক প্ৰতি সপ্তাহত ধন উপহাৰ দিব লাগিব আৰু ধনৰ পৰিমাণৰ পৰাই উক্ত পুৰুষে মাৰিয়াক কিমান ভালপায় সেই কথা প্রমাণ হ’ব।

মাৰিয়াই কুকুৰ ভাল পায় আৰু সেয়েহে তেওঁৰ ডেটিং সংগীয়ে কুকুৰ প্ৰতিপালনৰ দায়িত্ব বহন কৰিব লাগিব। মাৰিয়াৰ জীৱনত প্ৰথম স্থানত আছে চাৰ্লি নামৰ এটা কুকুৰ আৰু সেয়েহে প্ৰেমিকৰ স্থান তেওঁৰ জীৱনত সদায় দ্বিতীয়হে হ’ব, এই কথা প্রেমিকে মানি ল’ব লাগিব।

প্রেমিকজন বন্যপ্রাণী প্রেমী হ’ব লাগিব। প্রেমিকজন ৰোমাণ্টিক হোৱাৰ লগতে মাৰিয়াক যথেষ্ট ভাল পাব লাগিব। প্রেমিকে মাৰিয়াৰ কাম-কাজ আৰু ব্যক্তিগত জীৱনত কোনো হস্তক্ষেপ বা বাধা দিব নোৱাৰিব।

মাৰিয়াৰ উপাৰ্জন পথক লৈও প্রেমিকে মন্তব্য প্রকাশ কৰিব নোৱাৰিব। মাৰিয়াই লগতে চৰ্ত আৰোপ কৰি কয় যে তেওঁ সংগীত, মডেলিং আৰু অনলি ফেনছৰ জৰিয়তে যথেষ্ট ধন উপাৰ্জন কৰে যদিও এবছৰৰ ডেটিঙৰ সময়ত প্ৰেমিকে তেওঁৰ সমগ্ৰ খা-খৰচ বহন কৰিব লাগিব।

এই চৰ্তসমূহ পূৰণ কৰা পুৰুষৰ স’তে মাৰিয়াই এবছৰ একেলগে বাস কৰিব আৰু প্ৰেমিকৰ পাৰদৰ্শিতাত সন্তুষ্ট হলে সেই পুৰুষৰে বিবাহ সম্পন্ন কৰিব। মাৰিয়াক সন্তুষ্ট কৰাত প্রেমিক ব্যর্থ হ’লে এবছৰ পাছত তেওঁ উক্ত পুৰুষৰে সম্পৰ্কৰ অৱসান ঘটাব।

Exit mobile version