শীতত সুস্থ হৈ থাকিবলৈ

delhi winter

★ প্ৰাতঃ ভ্ৰমণ আৰু সান্ধা ভ্রমণলৈ যাওতে সতর্ক হ’ব লাগিব। বিশেষকৈ বয়স্কলোকসকলে ভালদৰে গৰম কাপোৰ, জোতা, মোজা আদি পিন্ধিব লাগে৷ তদুপৰি নিয়ৰ দি থাকিলে মূৰত টুপি পিন্ধিলে সহজে ঠাণ্ডা নালাগে।

★ শীতৰ সময়ত কাণ, ডিঙি তাদিত ঠাণ্ডা যাতে বেছিকৈ লাগিব নোৱাৰে তাৰ বাবে সতর্ক হ’ব লাগিব কাৰণ এই দুই ঠাইত বেছি বতাহ বা ঠাণ্ডা লাগিলে শ্ৰীৰটোৱে বেছিকৈ ঠাণ্ডা অনুভৱ কৰে।

★ ঘৰ পৰা বাহিৰলৈ ওলালে ফ্লাকৃত গৰম পানী নিবলৈ নাপাহৰিব।

★ যিসকলৰ হাওঁফাওঁৰ সংক্রমজনিত ৰোগ আছে তেওঁলোকে এইখিনি সময়ত অধিক সতর্ক হ’ব লাগিব।

★ যিসকলৰ ব্রংকাইটিছৰ সমস্যা আছে তেওঁলোকে মটৰ চাইকেল আদি কম ব্যৱহাৰ কৰাটোৱে মংগলজনক। কাৰণ বুকুত ঠাণ্ডা লাগিলে সংক্রমণ বৃদ্ধিৰ আশংকা থাকে।

★ এই সময়ত কোষ্ঠকাঠিন্যৰ সমস্যাই গা কৰি উঠে। সেইবাবে শাক নিয়মীয়াকৈ খোৱা উচিত। যিসকলে নিয়মীয়াকৈ শাক-পাচলি খায় তেওঁলোকৰ কোষ্ঠকাঠিন্যৰ | সমস্যাই সহজে গা কৰি উঠিব নোৱাৰে।

★ এই সময়ত নিশা বেছি পৰিমাণে তেজাল মাছ, মাংস আদি নোখোৱাটোৱে মংগলজনক।

★গাধোঁৱাৰ আগে আগে তেল ঘঁহি ৰ’দত বহাৰ পৰিৱৰ্তে পুৱাই কমেও এঘণ্টা ৰ’দত থাকিলে সুফল পোৱা যাব। কাৰণ | পুৱাৰ ৰ’দত বেছি সময় থাকিলে শৰীৰে ভিটামিন ‘ডি’ লাভ কৰে। সুস্থ আৰু হাড় শক্তিশালী কৰিবলৈ এইবিধ হাড়ৰ অতিকৈ প্ৰয়োজন।

Exit mobile version