বলিউদত বৰ্তমানৰ যুটিসমূহৰ ভিতৰত অন্যতম হৈছে ভিকি কৌশল আৰু কেটৰিণা কাঈফ। প্রকাশ্যে কোনাে মন্তব্য নকৰিলেও দুয়ােৰে প্ৰেমৰ সম্পর্ক ইতিমধ্যেই বহু দূৰলৈ আগবাঢ়িছে।
কিছুদিন পূর্বে ভিকিয়ে কেটৰিণাক বিবাহৰ প্রস্তাৱ দিয়া বুলি সম্প্রতি বলিউদত চর্চা চলি আছে। প্রাপ্ত তথ্য অনুসৰি, আগন্তুক ডিচেম্বৰতে তাৰকাদ্বয়ে বৈবাহিক জীৱনৰ সূচনা কৰিব।
সুদর্শন অভিনেতা ভিকি এই সময়ত যথেষ্ট জনপ্রিয়। আনহাতে, কেটৰিণাৰ জনপ্রিয়তা দিনক দিনে বাঢ়িয়েই আছে। যাৰ বাবে দুয়ােৰে বিবাহৰ প্রস্তুতিৰ খবৰে অনুৰাগীসকলক বাৰুকৈয়ে উৎসাহিত কৰিছে।
অথচ বহুতেই নাজানে যে কেটৰিণাৰ বাবেই ভিকি প্রথম প্রেমত ইতি পৰিছিল। ভিকিৰ প্রাক্তন প্রেমিকা হাৰলিন শেঠিও এগৰাকী অভিনেত্রী। ‘ব্র’কেন বাটবিউটিফুল’ নামৰ ৱেব ছিৰিজত অভিনয় কৰি হাৰলিন প্রচাৰলৈ আহিছিল।
মাত্র দেৰ বছৰতে দুয়ােৰে মাজৰ সম্পর্ক গভীৰ হৈ পৰিছিল। আনকি হাত ধৰাধৰিকৈ দুয়ােকে ঘূৰি ফুৰাও অনেকে প্রত্যক্ষ কৰিছিল। হাৰলিনৰ ইনষ্টাগ্রাম একাউণ্টতাে তেতিয়া ভিকিৰ ফটোৱেই ভৰি আছিল।
‘উৰি:দ্য ছার্জিকেল স্ট্রাইক’ ছবিৰ প্রিমিয়াৰতাে নায়ক ভিকিৰ লগতে আছিল হাৰলিন অৱশ্যে ‘উৰি’ৰ অসামান্য সফলতাৰ পাছৰে পৰাই লাহে লাহে শিথিল হ’বলৈ ধৰে ভিকি- হাৰলিনৰ সম্পৰ্কৰ বান্ধোন। বলিউদৰ বহুতেই ক’ব খােজে যে দুয়ােৰে মাজত হঠাৎ সােমাই পৰিছিল কেটৰিণা।
তেওঁৰ বাবেই হেনাে ভিকিয়ে ক্রমান্বয়ে প্ৰেয়সীৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে তাৰকা অভিনেতাজনৰ একাংশ ঘনিষ্ঠই আন কথাহে ক’ব বিচাৰে। ‘ৰাজি’ আৰু ‘উৰি’ ছবিত ওপৰাউপৰিকৈ সফলতা অর্জন কৰি ভিকি বলিউদৰ আগশাৰীৰ নায়কত পৰিণত হােৱাত তেওঁৰ মাজলৈ কিছু পৰিৱৰ্তন আহিবলৈ ধৰে।
ভিকি সেই পৰিৱৰ্তনকে হেনাে মানি ল’ব পৰা নাছিল হালিনে।ফলত তেওঁলােকৰ সম্পর্ক ভাঙি যায় হাৰলিনৰ লগত বিচ্ছেদৰ কিছুদিনৰ পাছতেই ভিকি জীৱনলৈ আগমন ঘটিছিল কেটৰিণাৰ। আলাপৰ পৰা ক্ৰমাৎ বন্ধুত্ব আৰু এসময়ত সেই বন্ধুত্বৰ প্ৰেমলৈ ৰূপান্তৰ। এতিয়া সেই সম্পর্কে স্থায়ী ৰূপ দিয়াৰ বাবে অগ্ৰসৰ হৈছে ভিকি আৰু কেটৰিণা ।






























