Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

এটি নুবুজা সাঁথৰ

প্রাঞ্জলসেন ডেকা

publisher by publisher
November 8, 2021
in Opinion
Reading Time: 1 min read
0
এটি নুবুজা সাঁথৰ

google

1
SHARES
13
VIEWS
ShareShareShareShare

শেহতীয়া সময়ছােৱাত ভগ্ন অর্থনীতি, বুভুক্ষুৰ দেশত পৰিণত হােৱা ভাৰতত এইবাৰ দীপাৱলীৰ উৎসৱৰ বতৰত এক লাখ ২৫ হেজাৰ কোটিৰাে অধিক টকাৰ ব্যৱসায় হৈছে। যােৱা এক দশকৰ ভিতৰত এই পৰিমাণ সর্বাধিক বুলি কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্রেডাছ (চিএআইটি)এ সদৰী কৰিছে।

ADVERTISEMENT

নিশ্চিতভাৱেই ই ব্যৱসায়-বাণিজ্যৰ স’তে জড়িতসকলৰ উপৰি চৰকাৰক উৎসাহী কৰি তুলিছে। বিপর্যয়ৰ গৰাহত পতিত হ’বলৈ আগবঢ়া দেশৰ অর্থনীতিয়ে মূৰ দাঙি উঠা বুলি ক’বলৈ চৰকাৰক ইয়াতকৈ উৎকৃষ্ট পৰিসংখ্যা আৰু কি লাগে? এই কথাই দেশবাসীৰ মুখতাে হাঁহি বিৰিঙাই তােলাৰেই কথা যদিও প্রকৃততে ছবিখন কি তাক লৈহে এক নুবুজা সাঁথৰৰ সৃষ্টি হৈছে।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

অর্থনীতিৰ উন্নয়নৰ ছবিখন তেতিয়াই স্পষ্ট হয়, যেতিয়া উৎপাদন বৃদ্ধিত ধন বিনিয়ােগ কৰা হয়। দীপাৱলীত ফটকা ফুটাই আমাৰ সম্পদ কিমান বৃদ্ধি কৰা হ’ল? দৰাচলতে অনুৎপাদিত ক্ষেত্ৰতহে এই ধনৰ অপব্যয় কৰা বুলি ক’লে ভুল হ’বনে? অধােগামী ভাৰতীয় অর্থনীতিক কৰ’না মহামাৰী সৃষ্ট পৰিৱেশে বিধ্বস্ত কৰি তােলাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়ােজন নাই।

এই আঘাত চম্ভালি বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতেও বেহা-বাণিজ্য, উদ্যোগ ক্ষেত্ৰত হেৰুওৱা স্থান পুনৰুদ্ধাৰৰ বাবে প্রাণপণ প্রচেষ্টা চলাই আছে। এনে সময়তে এইবাৰৰ দীপাৱলীৰ বজাৰত গ্ৰাহকৰ ভিৰে ব্যৱসায়ীসকলক উৎসাহিত কৰি তােলে।

দেশৰ আঠ কোটি ব্যৱসায়ী তথা প্রায় ৪০ হেজাৰ সৰু-বৰ ব্যৱসায়ী সন্থাৰ সন্মিলিত মঞ্চ এই কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্রেডার্ডে কৈছে যে ক’ভিডপিষ্ট ব্যৱসায়লৈ এইবাৰৰ দীপাৱলীয়ে নতুন প্রাণ আনি দিলে। প্রথম অৱস্থাত সংগঠনটোৱে এক লাখ কোটি টকা মানৰ ব্যৱসায় হ’ব বুলি অনুমান কৰিছিল যদিও তাক চেৰাই গৈ ২৫ শতাংশ অধিক হােৱাত উৎফুল্লিত হৈ পৰিছে।

তদুপৰি এই হাৰত চলিত বছৰৰ শেষলৈ তিনি লাখ কোটি টকাৰ ব্যৱসায় হ’ব বুলি আশা কৰিছে। যােৱা প্রায় দুটা বছৰত আবদ্ধ পৰিৱেশৰ পৰা মুক্ত হৈ গ্রাহকে সতেজ আৰু নতুন উদ্যমেৰে বজাৰলৈ ওলাই আহিছে বুলিও ব্যৱসায়ী সংগঠনটোৱে মন্তব্য কৰিছে।

লক্ষ্যণীয় যে এইবাৰ দীপাৱলীত কেৱল ৰাজধানী দিল্লীতে ২৫ হেজাৰ কোটি টকাৰ ব্যৱসায় হয়। দেশৰ খুচুৰা বজাৰত এনে উৎসাহে আগন্তুক সময়ছােৱাত বজাৰৰ পৰিৱেশ অধিক সুচল কৰি তুলিব বুলিও ব্যৱসায়ী মহল আশাবাদী। এইবাৰ তেওঁলােক নৱেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ হ’বলগীয়া বিবাহৰ বতৰৰ বাবে সাজু হৈছে।

লক্ষ্যণীয়ভাৱে সংগঠনটোৱে দাবী কৰি আহিছে যে এইবাৰৰ দীপাৱলীৰ বজাৰত চীনা সামগ্ৰীৰ চাহিদা যথেষ্ট কম আৰু তাৰ ফলস্বৰূপে চীনা সামগ্ৰীৰ ব্যৱসায় প্রায় ৫০ হেজাৰ কোটি টকা হ্রাস পাইছে। চীনা সামগ্রী বর্জন কৰি আত্মনির্ভৰ ভাৰত নিৰ্মাণৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ পৰা বিভিন্ন পক্ষই জনােৱা আহ্বানৰ প্রতি সঁহাৰি দি ভাৰতীয় গ্রাহকে এইবাৰ দেশীয় সামগ্রীহে ক্ৰয় কৰিছে বুলি চিএআইটিয়ে দাবী কৰিছে।

পূর্বতে অতি জনপ্রিয় চীনা সা-সামগ্ৰীৰ পৰিৱর্তে এইবাৰ মাটিৰ চাকি, মম, কাগজেৰে প্ৰস্তুত কৰা লাইট আৰু সাজসজ্জা সামগ্ৰীৰ যথেষ্ট চাহিদা পৰিলক্ষিত হয় আৰু এইবােৰৰ জৰিয়তে দেশৰ ক্ষুদ্ৰ কুমাৰ, হস্তশিল্পী আদি উপকৃত হােৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।

তাৰ উপৰি মিঠাই, শুকান ফল, জোতা-ছেণ্ডেল, ঘড়ী, বিভিন্ন পুতলা, গৃহ সজ্জাৰ সামগ্ৰী আৰু শেহতীয়া ফেশ্বনৰ পােছাকৰ এইবাৰৰ উৎসৱৰ বতৰত যথেষ্ট চাহিদা আছিল। অন্যান্য সামগ্ৰীয়েই নহয়, আ-অলংকাৰৰ বজাৰলৈও এইবাৰৰ উৎসৱৰ বজাৰে আশাৰ বতৰা কঢ়িয়াই আনে।

দীপাৱলীৰ আগে আগে পাৰ হৈ যােৱা ধনতেৰছত চাৰে সাত হেজাৰ কোটি টকাৰ অলংকাৰ আৰু তাৰে প্রায় ১৫ মেট্রিক টন সােণৰ অলংকাৰ বিক্রী হয়। ইয়াৰে প্ৰায় ১৫০০ কোটি টকা মহাৰাষ্ট্ৰত, এহেজাৰ কোটি দিল্লীত, ছশ কোটি উত্তৰ প্ৰদেশত আৰু প্রায় দুহেজাৰ কোটি টকাৰ আ-অলংকাৰ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বিক্রী হয়।

চিএআইটি আৰু অল ইণ্ডিয়া জুৱেলাৰ্ছ এণ্ড গল্ডস্মিথ ফেডাৰেছন (এআইজেজিএফ)ৰ যুটীয়া বিবৃতিত এই তথ্য প্রকাশ কৰা হৈছে। ফেডাৰেছনে কৈছে যে যােৱা বছৰৰ জুলাই-ছেপ্টেম্বৰৰ ত্রিমাসিকৰ তুলনাত চলিত বৰ্ষৰ একেই সময়ছােৱাত দেশত সােণৰ চাহিদা ৫০ শতাংশ বৃদ্ধি পাইছে।

তদুপৰি সাতশ টন সােণ চলিত বৰ্ষত ভাৰতে আমদানি কৰিছে, যি বিগত বৰ্ষতকৈ যথেষ্ট বেছি। উল্লেখ্য যে ২০১৯ত প্রতি ১০ গ্রাম সােণৰ মূল্য ৩৮,৯২৩ টকা হােৱাৰ বিপৰীতে ২০২০ৰ নৱেম্বৰত ৫০,৫২০ টকালৈ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে এইবাৰৰ ধনতেৰছৰ দিনা সােণৰ মূল্য ৪৯,৩০০ টকা হয়। তৎসত্ত্বেও সমগ্র দেশৰ অধিকাংশ চহৰ-নগৰতে স্বর্ণ অলংকাৰ ক্ৰয়ৰ বাবে লাখ লাখ গ্রাহকে বিপণীত ভিৰ কৰে।

আনকি গুৱাহাটীকে ধৰি অধিকাংশ বৃহৎ মহানগৰ-চহৰতে অলংকাৰ ক্রেতাই ভিৰৰ বাবে শাৰী পাতিবলগীয়া হয়। যােৱা বছৰতকৈ এইবাৰ বিপণীলৈ গৈ স্বর্ণ ক্রয় কৰা গ্ৰাহকৰ সংখ্যা ৪০ শতাংশ বৃদ্ধি পােৱা বুলিও কোৱা হৈছে। অকল সেয়ে নহয়, অনলাইন ব্যৱসায়াে এইবাৰ কমেও ২৩ শতাংশ বৃদ্ধি পােৱা বুলি প্রকাশ পাইছে।

প্রতি বছৰৰ দৰেই যােৱা অক্টোবৰত প্ৰায়বােৰ বৃহৎ অনলাইন সংস্থাই বিশেষ উৎসৱ বিক্রী মেলা আৰম্ভ কৰে। এই অনলাইন বিক্রী মেলাত এইবাৰ ৩২ হেজাৰ কোটিৰাে অধিক টকাৰ সামগ্রী বিক্রী হয়। প্রসংগক্রমে উল্লেখ্য যে অহা ২০২৫ৰ ভিতৰত ভাৰতত অনলাইন ব্যৱসায়ে এক লাখ কোটি ডলাৰ অর্থাৎ প্রায় চাৰে সাত লাখ কোটি টকাৰ ঘৰ চুব বুলি সাম্প্রতিক ব্যৱসায়লৈ লক্ষ্য ৰাখি অনুমান কৰা হৈছে।

উল্লেখ্য যে ৰাখী বন্ধনৰ পৰা আৰম্ভ কৰি ইংৰাজী নৱবর্ষ পর্যন্ত এই বিভিন্ন উৎসৱৰ কালছােৱাত সৃষ্টি হােৱা চাহিদাৰ প্রতি লক্ষ্য ৰাখি ভাৰতে প্রায় ৭০ হেজাৰ কোটি টকাৰ সামগ্রী আমদানি কৰে চীনৰ পৰা; কিন্তু শেহতীয়া এক সমীক্ষা অনুসৰি এইবাৰ ভাৰতীয় ব্যৱসায়ীসকলে চীনা ফটকা অথবা অন্যান্য সাজসজ্জাত ব্যৱহৃত সামগ্রী আমদানিৰ পৰা বিৰত আছে।

গুৱাহাটীকে ধৰি দেশৰ ২০খন প্রধান চহৰত চলােৱা এই সমীক্ষাৰ প্রতিবেদনত কোৱা হৈছে যে চীনা সামগ্রী বৰ্জনৰ বাবে ধাৰাবাহিকভাৱে জনাই অহা আহ্বানে অৱশেষত সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ফলস্বৰূপে এইবাৰ চীন ৫০ হেজাৰ কোটি টকাৰ ব্যৱসায়ৰ পৰা বঞ্চিত হ’বলগীয়া হয়। ইয়াৰ বিপৰীতে এই সামগ্ৰীৰ চাহিদা ভাৰতত উৎপাদনৰ জৰিয়তে পূৰণ কৰা হৈছে।

অৱশ্যে চিএআইটিয়ে এই দাবী কৰিলেও বাস্তৱত তাৰ ভিত্তি কিমান তাক লৈ প্রশ্ন উত্থাপিত নােহােৱা নহয়। কিয়নাে গুৱাহাটীৰ বজাৰতে এই দাবীৰ ভিন্ন ছবি পৰিলক্ষিত হয়। এই কথাৰ ব্যাখ্যা নিষ্প্রয়ােজন যে চীনা সামগ্ৰীসমূহ যথেষ্ট সস্তা আৰু ভেৰাইটিও বহুত।

ফলস্বৰূপে ভাৰতৰ দৰে দেশত এই সস্তীয়া সামগ্ৰীৰ চাহিদা যথেষ্ট বেছি। ইয়াৰ বিপৰীতে একে ধৰণৰ ভাৰতত উৎপাদিত সামগ্ৰীৰ মূল্য অধিক হােৱাত অধিকাংশ গ্রাহকে চীনা সামগ্ৰীয়ে পছন্দ কৰে আৰু এইদৰে এই সামগ্ৰীসমূহে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতে এই পর্যন্ত কেৱল দীপাৱলীৰ বাবে প্রয়ােজনীয় সামগ্ৰীয়ে নহয়, অন্যান্য চীনা সামগ্ৰীৰাে বিকল্প দাঙি ধৰিব পৰা নাই।

সেয়েহে এইবাৰৰ বজাৰত বিভিন্ন সামগ্রীৰ আৱৰণটোহে ভাৰতত তৈয়াৰী; ভিতৰৰ সামগ্রী কিন্তু চীনতেই নির্মিত। মূল্য আৰু বিবিধতাৰ ক্ষেত্ৰত প্রতিদ্বন্দ্বিতা কৰিব নােৱাৰিলেও লােকচক্ষুত ধূলি দিবলৈ এইদৰে আৱৰণটো ভাৰতত প্রস্তুত কৰি গ্ৰাহকলৈ মেলি দিয়া হৈছে।

অকল সেয়ে নহয়, দীপাৱলীৰ এনে ৰমৰ্মীয়া ব্যৱসায়-বাণিজ্যৰ বিপৰীত ছবিখনেহে সততে মনলৈ ভুমুকি মাৰে। শেহতীয়াভাৱে প্রকাশিত বিশ্ব ক্ষুধা সূচকত বিশ্বৰ ১১৬খন দেশৰ ভিতৰত ভাৰতে স্থান লাভ কৰিছে ১০১ত। যােৱা বছৰৰ ৯৪ সংখ্যক স্থানৰ পৰা ভাৰতৰ অৱস্থা আৰু অধিক অৱনমিত হৈছে।

ভাৰত চৰকাৰে এই সমীক্ষাক অবৈজ্ঞানিক বুলি অভিযােগ কৰিলেও ঘাইকৈ চাৰিটা দিশৰ ওপৰত নিৰ্ভৰ কৰি এই সূচক নির্ণয় কৰা হৈ আহিছে। দেশৰ আর্থিক অৱস্থা, শিশুৰ স্বাস্থ্য, সম্পদৰ আবণ্টনৰ ক্ষেত্ৰত বৈষম্যৰ দৰে মাপকসমূহ ইয়াত বিচাৰ কৰা হয়।

এই প্রতিবেদনে স্পষ্ট কৰি দিছে ভাৰতৰ পুতৌজনক অৱস্থান। ক’ভিড মহামাৰীৰ পাছত সৃষ্টি হােৱা দুর্দশাগ্রস্ত অৱস্থাৰ পৰা দৰিদ্ৰ লােকসকলক উদ্ধাৰৰ বাবে কেন্দ্রীয় চৰকাৰে বিনামূলীয়া খাদ্য সামগ্রী যােগান ধৰিবলৈ বাধ্য হৈছে। অনাহাৰত যাতে প্রাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবেই প্রতি মাহে ৮০ কোটি লােকক এইদৰে চৰকাৰে খাদ্য যােগান ধৰিবলগীয়া হৈছে।

তলাবন্ধৰ পৰিপ্ৰেক্ষিতত কোটি কোটি লােকে কর্মসংস্থাপন হেৰুৱাইছে। বিভিন্ন মহানগৰ-চহৰত কৰ্মৰত লাখ লাখ লােকে সংস্থাপন হেৰুৱাই কি দুর্দশাৰ মাজেৰে স্বগৃহলৈ উভতিবলগীয়া হৈছিল সেয়া সকলােৰে চকুত এতিয়াও জিলিকি আছে। পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাত কেন্দ্রীয় চৰকাৰে সেই লােকসকলক মহাত্মা গান্ধী এনৰেগাৰ জৰিয়তে নিজ নিজ গাঁও পঞ্চায়তৰ অধীনত কর্মসংস্থাপন দিয়াৰ পদক্ষেপ হাতত লবলগীয়া হয়।

চৰকাৰে ২০২০-২১ বিত্তীয় বৰ্ষত এনৰেগাৰ অধীনত ১.১ লাখ কোটি টকা আবণ্টন দিয়ে যাতে স্বগৃহলৈ প্রত্যাৱৰ্তন কৰা প্রব্রজিত শ্ৰমিকসকল কর্মহীন হৈ থাকিব নালাগে। আশা কৰা ধৰণে এই পুঁজি ১১ কোটি শ্ৰমিকৰ বাবে জীৱনদায়িনী স্বৰূপ হৈ পৰে। অৱশ্যে ক’ভিড পৰিস্থিতি উন্নত হ’ব বুলি আশা কৰি চলিত ২০২১-২২ বিত্তীয় বৰ্ষত কেন্দ্রীয় চৰকাৰে এনৰেগাৰ পুঁজি ৭৩ হেজাৰ কোটি টকালৈ হ্রাস কৰে।

ফলস্বৰূপে যােৱা অক্টোবৰলৈকে সেই পুঁজি সম্পূৰ্ণৰূপে ব্যয় হােৱাৰ উপৰি ছহেজাৰ কোটি টকা অধিক ব্যয় হয়। ইতিমধ্যে দেশৰ ২১খন ৰাজ্যত এনৰেগাৰ পুঁজি সম্পূর্ণ উদং হৈ পৰিছে। ইয়ে কর্মসংস্থাপনৰ ক্ষেত্ৰখনত অব্যাহত থকা জটিলতাকে পুনৰ স্পষ্ট কৰি তুলিছে। অকল সেয়াই নহয়, দেশৰ জিডিপিয়ে মাইনাছ ২৪ লৈ অৱনমিত হৈ অধােগতিৰ একপ্রকাৰ অভিলেখ স্থাপন কৰিছে।

শেহতীয়াভাৱে পৰিস্থিতি কিছু উন্নত হলেও পৰিৱেশ এতিয়াও যথেষ্ট গুৰুতৰ হৈয়ে আছে। চৌদিশে এনেবােৰ চাপৰ মাজতে ইন্ধনসহ নিত্য প্রয়ােজনীয় খাদ্য তথা প্রতিবিধ সামগ্ৰীৰ অকল্পনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকৰ জীৱন দুর্বিসহ কৰি তুলিছে। এনে পৰিপ্ৰেক্ষিতত দীপাৱলীৰ বতৰত বিগত এক দশকৰ সর্বাধিক পৰিমাণৰ ধনৰ ক্রয়-বিক্রয় হােৱাটোৱে সাঁথৰৰ সৃষ্টি কৰা নাইনে? দশকৰ সর্বাধিক পৰিমাণৰ বজাৰ সমাৰ কৰিবলৈ সঁচাকৈয়ে পৰিৱেশে আমাক সুযােগ আনি দিছে নে? কোটি কোটি অর্ধাহাৰী-অনাহাৰী লােকৰ দেশত এনেদৰে ভুৱা প্রতিচ্ছবি দাঙি ধৰাটো প্ৰতাৰণাৰ নামান্তৰ নহয়নে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d