আজি আঠ নৱেম্বৰত কমল ৰনদিভেৰ ১০৪তম জন্মদিৱস । তেওঁ ভাৰতৰ এগৰাকী বিশিষ্ট চেল বায়’লজিষ্ট । কৰ্কট ৰোগৰ ক্ষেত্রত তেওঁৰ গৱেষণাই সুদূৰপ্রসাৰী ফল দিছে । তেঁৱেই প্রথম বিজ্ঞানী যিয়ে স্তন কেন্সাৰৰ স’তে হেৰিডিটিৰ সংযোগ দাঙি ধৰে । কুষ্ঠৰ ক্ষেত্রতো তেওঁৰ জৰুৰী গৱেষণা আছে ।
পুনেত ১৯১৭ত কমলৰ জন্ম হয় । তেওঁ কোষবিদ্যায় ডক্টৰেট অর্জন কৰিছিল । তেওঁ মার্কিন দেশতেই শিক্ষা গ্ৰহণ কৰে । অৱশ্যে স্বদেশতে সেৱা আগবঢ়ায় । কমলে প্রথম ভাৰতীয় যিয়ে দেশত টিছু কালচাৰ লেবৰেটৰী প্রতিষ্ঠা কৰিছিল । ১৯৭৩ত তেওঁ ১১জন সহকর্মীকৰ স’তে ‘ইণ্ডিয়ান ওমেন ছায়েন্টিষ্টছ এছ’চিয়েচন’ প্রতিষ্ঠা কৰে । বিজ্ঞান গৱেষণাৰ ক্ষেত্রত মহিলাৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰাই আছিল তেওঁৰ লক্ষ্য ।
এই ব্যক্তিত্বগৰাকীকেই শ্রদ্ধা জনালে গ্ল’বেল ছার্চ ইঞ্জিনে । গুগলে জনাইছে, ৰনদিভেৰ ডুডল অংকন কৰিছে ভাৰতীয় শিল্পী ইব্রাহিম ৰেইন্তাকাথে ।