চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সপ্তম উত্তৰ পূৱ চি আই এছ এফ ইউনিট এথলেটিকছ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে বঙাইগাঁও শোধনাগাৰৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক এছ বি লহকৰে ৷
খেলুৱৈ সকলক শুভেচ্ছা জনাই বঙাইগাঁও শোধনাগাৰৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক এছ বি লহকৰে খেলুৱৈ সকলে নিজৰ দক্ষতা প্ৰকাশ কৰি শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ৷
এই খেল সমূহৰ জৰিয়তে শৰীৰৰ সুস্থতা ৰখাতো সহায় কৰে বুলি মত ব্যক্ত কৰে ৷ এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ চৈধ্যটা চি আই এছ এফৰ ইউনিটৰ অৰ্ধশতাধিক পুৰুষ মহিলা খেলুৱৈয়ে অংশ গ্ৰহণ কৰে ৷
প্ৰতিযোগিতাত খেল বিভাগৰ ১৮ টা ইভেণ্টত অনুষ্ঠিত হৈছে ৷ এই এথলেটিক প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰৰ চি আই এছ এফৰ বঙাইগাঁও ইউনিটৰ কমাণ্ডেণ্ট পি ডি গাইছুং, বঙাইগাওঁ শোধনাগাৰৰ নিৰাপত্তা বিভাগৰ মহাপ্ৰৱন্ধক কল্যাণ সোণোৱাল সহ কে’বাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷
প্ৰতিযোগিতাৰ আৰম্ভনি দুটা খেলৰ বিজয়ী, বিজিত খেলুৱৈ সকলক পুৰস্কাৰো বিতৰণ কৰা হয় ৷





























