Air Pollution : ঘন ধোঁৱাত ‘গেছ চেম্বাৰ’ দিল্লী, প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ তলাবন্ধৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ

9ifhpifs delhi smog

পুনৰ প্ৰদূষিত দিল্লী । দীপাৱলীৰ পাছৰ পৰা দেশৰ ৰাজধানীৰ বতাহ ক্রমশ প্ৰদূষিত হৈছে । পৰিস্থিতি পৰ্যবেক্ষণ কৰি পৰিৱেশবিদসকলৰ অধিকাংশই ১৯৫২ৰ লণ্ডনৰ গেছ চেম্বাৰ পৰিস্থিতিৰ স’তে তুলনা কৰিছে । এনে পৰিস্থিতিত বায়ু প্ৰদূষণ নিয়ন্ত্রণৰ বাবে তলাবন্ধ অস্ত্র প্রয়োগৰ কথা ভাবিছিল নে নাই, জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে ।

শনিবাৰে দিল্লীত বায়ু প্ৰদূষণ সংক্রান্ত এটা গোচৰৰ শুনানিত তলাবন্ধৰ বিকল্পৰ কথা উত্থাপিত হয় । মুখ্য ন্যায়াধীশ এন ভি ৰমণাই কেন্দ্রক জনায়, ‘‘পৰিস্থিতি ক্রমশ গুৰুতৰ হৈছে । আপোনালোকে কেনেদৰে যুঁজ দিয়াৰ কথা ভাবিছে ? দুদিনৰ বাবে তলাবন্ধ কৰিব ?’’ প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিবলৈ আপৎকালীন ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে তেওঁলোকে ।

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ আৰ্জি মানি ইতিমধ্যে পৰিবহণ ব্যৱস্থাত নিয়ন্ত্ৰণ কৰাৰ লগতে কিছু পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্রিয় হৈছে প্রশাসন । ইয়াৰ উপৰি, প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিবলৈ কিছু বিধিনিষেধ মানি চলিবলৈ কোৱা হৈছে দিল্লীবাসীক । বাহিৰত ওলালে ডিঙিত স্কার্ফ আৰু ছানগ্লাছ পৰিধান কৰাৰ পৰামর্শ দিয়া হৈছে । ঘৰত থকাকালীনো প্রয়োজনত মাস্ক পিন্ধাৰ কথাও কোৱা হৈছে ।

শুকুৰবাৰে সন্ধিয়া দিল্লীৰ বায়ু মান সূচক আছিল ৪৭১ । গাজিয়াবাদত ৪৮৬, গ্রেটাৰ নয়ডাত ৪৭৮, গুৰগাঁওৱত ৪৪৮ । প্ৰসংগত, বায়ু মান সূচক ০-৫০ হ’লে সেইটো ‘ভাল’ হিচাপে চিহ্নিত কৰা হয় । ৫১-১০০ হ’লে ‘সন্তোষজনক’, ১০১-২০০ হ’লে ‘মোটামুটি’, ২০১-৩০০ হ’লে ‘বেয়া’, ৩০১-৪০০ ‘অতি বেয়া’ আৰু ৪০১-৫০০ হলে ‘গুৰুতৰ’ হিচাপে চিহ্নিত কৰা হয় ।

প্রতি বছৰেই নৱেম্বৰৰ আৰম্ভণিত দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্রা বৃদ্ধি পায় । দীপাৱলীত আতচবাজি জ্বলোৱা, পৰিবহণ আৰু অন্য প্ৰদূষণৰ লগতে অন্যতম কাৰণ চুবুৰীয়া উত্তৰ প্রদেশ আৰু হাৰিয়ানাৰ কৃষি ভূমিত নৰা জ্বলোৱা । প্রতি বছৰে শীত অহাৰ আগতে ছেপ্টেম্বৰৰ শেষৰ ফালৰ পৰা নতুন শস্য উৎপাদনৰ সময় পর্যন্ত কৃষিভূমিত নৰা জ্বলাই কৃষকসকলে ।

বিগত কেইবছৰত দিল্লী চৰকাৰৰ জৈৱ আবৰ্জনা ব্যৱস্থাপনাৰ বাবে নৰা জ্বলোৱা সমস্যা কিছু নিয়ন্ত্রণত আহিছে । কিন্তু উদ্যোগ ক্ষেত্রৰ প্ৰদূষণ চলিত বৰ্ষত বৃদ্ধি পাইছে । ইয়াৰ উপৰি, দিল্লীৰ নিকটৱৰ্তী অঞ্চলবোৰত এই পৰ্যন্ত অজৈৱ আবৰ্জনা জ্বলোৱা হয় । ফলত ধোঁৱা হয় ।

শুকুৰবাৰে দিল্লীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত নির্দেশনা জাৰি কৰি কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে জনায়, শীঘ্রে পৰিবহণ ৩০ শতাংশ কম কৰিব লাগে । প্রয়োজন নহ’লে বাহিৰত ওলোৱা নিষেধ কৰা হৈছে বাসিন্দাসকলৰ । দিল্লী প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ সূত্রে খবৰ, প্রয়োজন হ’লে তলাবন্ধ ঘোষণা কৰি যানবাহন আৰু ঔদ্যোগিক প্ৰদূষণ নিয়ন্ত্রণৰো বিকল্প বাচি লোৱাৰ পৰিকল্পনা কৰা হৈছে ।

Exit mobile version