কোকৰাঝাৰ জিলাত অপ্ৰাদেশীকৃত শিক্ষক সকলৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন

bf7080f9 bb60 424e 8abd dee84be480bc

সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ আহ্বানত আজি বিটিআৰ অঞ্চলৰ চাৰিখন জিলাতে শিক্ষকসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে ।

উক্ত কাৰ্যসূচী অনুসৰি বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰ জিলাৰ অধিন অপ্ৰাদেশীকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমুহত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীসকল বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতো শিক্ষক শিক্ষয়িত্ৰী সকলে শ্ৰেণীত পাঠদান কৰাৰ পৰা বিৰত থাকে ।

শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত শিক্ষক শিক্ষয়িত্ৰী সকলে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োয়ে নিৰ্বাচনৰ আগৰে পৰা অপ্ৰাদেশীকৃত বিদ্যালয়সমুহ প্ৰাদেশীকৰনৰ কথা কৈ আহিছে যদিও ন, দহ মাহ উকলি যোৱাৰ পাছতো প্ৰাদেশীকৰনৰ কোনো ব্যৱস্থা নকৰাৰ বাবে এনে ধৰনৰ কাৰ্যসূচী লৈছে ।

এই ধৰনৰ কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ পাছতো যদি বিটিআৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কোনো প্ৰাদেশীকৰনৰ কোনো ব্যৱস্থা নকৰে তেনেহলে ধৰ্ণা , ৰাজপথ অৱৰোধ , ৰেললাইন ,অৱৰোধ , আদিৰ উপৰিও আত্মজাহৰ দৰে আন্দোলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলিও প্ৰকাশ কৰে শিক্ষকসকলে।

Exit mobile version