কৰ’নাত আক্রান্ত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কাৰ এখন চিৰিয়াখানাত মৃত্যু হয় তিনিটা বিৰল প্ৰজাতিৰ তুষাৰ নাহৰফুটুকী বাঘ ।
একে সময়তে, আক্রান্ত দুটা বাঘ অৱশ্যে বাঘ দুটা সুস্থ হৈ উঠিছে শুকুৰবাৰে চিৰিয়াখানা কৰ্তৃপক্ষ, লিংকন চিল্ড্ৰেনছ চিৰিয়াখানাই এক বিবৃতিত কয় যে ৰনি, এভাৰেষ্ট আৰু মেককেলি নামৰ তিনিটা নাহৰফুটুকী বাঘ চিৰিয়াখানাৰ সম্পদ। সকলোৱে তেওঁলোকৰ মৃত্যুত মৰ্মাহত হৈছে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি অক্টোবৰৰ পৰা বাঘবোৰ অসুস্থ হৈ আছিল। ১৩ অক্টোবৰত তেওঁলোকৰ ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ হৈছিল।
তেতিয়াৰ পৰাই, জন্তুবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে। তেওঁলোকক বিশ্ৰাম আৰু সন্তুলিত আহাৰৰ লগতে এণ্টিবায়টিক আৰু ষ্টেৰইড ও দিয়া হৈছে।
চিৰিয়াখানা কৰ্তৃপক্ষই এতিয়াও অনুসন্ধান কৰি আছে যে জন্তুবোৰ ক’ভিডৰ দ্বাৰা ক’ত সংক্ৰমিত হৈছে। তেওঁলোকে দাবী কৰে যে দৰ্শনাৰ্থী আৰু জন্তুৰ মাজত যথেষ্ট দূৰত্ব আছিল।
ফলস্বৰূপে সংক্ৰমণটো দৰ্শকৰ পৰা কোনো ধৰণে আহিছে নে নাই কোৱাটো এতিয়াও অনুসন্ধান সাপেক্ষ। অৱশ্যে, চিৰিয়াখানাৰ আন জন্তুবোৰ সুস্থ হৈ আছে বুলি কোৱা হৈছ। কৰ্তৃপক্ষই কয় যে চিৰিয়াখানাখন এতিয়াৰ বাবে বন্ধ কৰাৰ কোনো সিদ্ধান্ত নল’লেও এইবাৰ ক’ভিড সংক্ৰান্ত বিধি নিষেধ অধিক কঠোৰভাৱে আৰোপ কৰা হ’ব।