বড়ো জনগোষ্ঠীৰ জাতীয় অস্তিত্বক বড়ো সাহিত্য সভাই সংগ্ৰামৰ মাধ্যমেৰে আগুৱাই নিছে : মহীপাল বড়ো

বালাপাৰাত এবছুৰ বড়ো সাহিত্যসভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

WhatsApp Image 2021 11 16 at 6.06.17 PM

“বড়ো জনগোষ্ঠীয় ভাষা, সাহিত্য, সংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ দায়িত্ব বহন কৰিছে বড়ো সাহিত্যসভাই । সমান্তৰালভাৱে এবছুৱেও বড়ো জনগোষ্ঠীৰ সৰ্বদিশৰ উন্নয়নৰ লগতে জনগোষ্ঠীয় সমন্বয়, শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সুদীৰ্ঘ দিন ধৰি শ্ৰম, ত্যাগ, সংগ্ৰাম অব্যাহত ৰাখিছে । বড়ো সাহিত্যসভাই দীৰ্ঘদিনীয়া সংগ্ৰামৰ মাজেৰে ভাষা, সাহিত্য, সংস্কৃতিক আগুৱাই নিছে । অৰ্থাৎ বড়ো জনগোষ্ঠীৰ জাতীয় অস্তিত্বক বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰৰ ক্ষেত্ৰত বড়ো সাহিত্যসভাৰ অলেখ অৱদান আছে । যাৰ বাবে বড়ো সাহিত্যসভা অন্যতম জাকত জিলিকা জাতীয় সংগঠনৰূপে পৰিচিত হৈছে ।”এইদৰে কয় বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য তথা এবছুৰ প্ৰাক্তন উপাধ্যক্ষ মহীপাল বড়োৱে ।

আজি বৰপেটা জিলাৰ বালাপাৰাত এবছু-ৱে কেন্দ্ৰীয়ভাৱে বড়ো সাহিত্যসভাৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । মহীপাল বড়োৱে তেওঁৰ ভাষণত বড়ো সাহিত্য সভা, এবছুৱে সামাজিক শান্তি, সমন্বয়, জনগোষ্ঠীয় সমন্বয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বুলিও গৌৰৱেৰে কয় । এবছুৰ সভাপতি দ্বিপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বড়ো সাহিত্যসভাৰ প্ৰাক্তন উপ সভাপতি আৰু এবছুৰ প্ৰাক্তন সভাপতি দিপক কুমাৰ বসুমতাৰীয়ে মুখ্য অতিথিৰ ভাষণত বড়ো সাহিত্য সভাৰ ইতিহাস আৰু উত্তৰণ, বড়ো ভাষা, সাহিত্যৰ উত্তৰণৰ ওপৰত বাখ্যা কৰে ।

এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে আত ধৰা সভাখন উদ্বোধন কৰে কোকৰাঝাৰৰ ইউ এন একাডেমিৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে । মুকলি সভাত এবছুৰ উপ সভাপতিদ্বয় খৌৰৌমদাও ৱাৰী, ৰৌমদৌন বসুমতাৰী, অধ্যক্ষ আনন্দ বড়ো, উপাধ্যক্ষ বিবাৰী বড়ো, এবছুৰ বাগসা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰী, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক যাদৱ বড়ো, জনকৰ উজিৰ, বৰপেটা জিলা ট্ৰাইবেল সংঘৰ সম্পাদক খগেন বড়ো, কৃতী শিক্ষয়িত্ৰী বীণা বড়ো, প্ৰাক্তন ছাত্ৰ নেতা ধৰ্মেশ্বৰ ৰয়ৰ লগতে বহু লোক বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ।

এবছুৰ কেন্দ্ৰীয় সমিতি আৰু বৰপেটা জিলা সমিতিৰ উদ্যেগত বালাপাৰা খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত বড়ো সাহিত্যসভাৰ প্ৰতিষ্ঠা দিৱসত পুৱাৰ ভাগত বড়ো সাহিত্যসভাৰ পতাকা উত্তোলন কৰে বৰপেটা জিলা বড়ো সাহিত্যসভাৰ সভাপতি সুখেন স্বৰ্গীয়াৰীয়ে । ছহিদ তৰ্পণ কৰে এবছুৰ সভাপতি দিপেন বড়োৱে আৰু বড়ো সাহিত্যসভাৰ স্মৃতিস্তম্ভ উন্মোচন কৰে বৰপেটা জিলা বড়ো সাহিত্যসভাৰ প্ৰাক্তন সম্পাদক উমাকান্ত বড়োৱে ।

উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমণিকাৰ স’তে সংগতি ৰাখি বড়ো জনগোষ্ঠীয় ভিন্ন সংস্কৃতি পৰিবেশন কৰে বহু সংখ্যক শিল্পীয়ে ।

Exit mobile version