বিহপুৰীয়াত গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, ঠিকাদাৰৰ প্ৰতিমূৰ্তি দাহ

বিহপুৰীয়াৰ জাপজুপ তিনি আলিত সন্ধিয়া জ্বলিল গড়কাপ্তানি বিভাগ আৰু গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ প্ৰফুল্ল বৰা(ঢেকিয়াল)ৰ জুমুঠি ৷

দুবছৰ ধৰি বিহপুৰীয়া বদতি সংযোগী গড়কাপ্তানী পথ নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ অভিযোগতে এজেৱাইপি আৰু টিএমপিকে-ৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ ৷

পিএমজিএছৱাই আচঁনিৰ অধীনত তিনি কোটি ৬১ লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলগীয়া পথছোৱা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ বিজেপিৰ কিষান মৰ্চাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল বৰা ওৰফে ঢেকিয়ালৰ বিৰুদ্ধে ৷

Exit mobile version