উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰ বাৰ ৱান ছুইট মাল্টাৰ খেতি কৰি স্বাৱলম্বী গোৱালপাৰাৰ বিপুল চন্দ্ৰ নাথ

চৰকাৰী চাকৰি বিচাৰি যি সময়ত একাংশ নিবনুৱা যুৱক-যুৱতীয়ে হাহাকাৰ কৰি ফুৰিছে ঠিক সেই সময়তে গোৱালপাৰা জিলাৰ মৰনৈস্থিত সৈনিক স্কুলৰ নিকটৱর্তী দহিকটা গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত লোকে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাৰ ৱান মাল্টা খেতিৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । সূত্ৰ অনুসৰি, দহিকটাৰ বিপুল চন্দ্ৰ নাথে স্থানীয় দহিকটা ভোজমেলা হাইস্কুলৰ পৰা ইংৰাজীত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাছত ইংৰাজী বিভাগত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল । পাছত চাকৰিৰ ক্ষেত্ৰত প্ৰতাৰণাৰ বলি হৈ কৃষিকাৰ্যৰ ওপৰত মনোনিবেশ কৰে ।

১২ বিঘা মাটিত ৰবৰ খেতি কৰা উচ্চ শিক্ষিত যুৱকজনে আৰাম্ভণীৰে পৰাই কিছু নতুন খেতি কৰাৰ বাবে মনত প্ৰচুৰ হাবিয়াস পুহি ৰাখিছিল । সেয়ে ঘৰৰ কাষতে থকা চাৰি বিঘা মাটিত থাইলেণ্ড প্ৰজাতিৰ বগৰী খেতি কৰিব বুলি মন মেলাৰ সময়তে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃষক আব্দুল হালিমৰ সংস্পৰ্শলৈ আহে । আদৰ্শ কৃষক আব্দুল হালিমে নিজৰ মাটিত আৰম্ভ কৰিছিল বাৰ ৱান ছুইট মাল্টা নামৰ এবিধ নতুন ফলৰ খেতি । কিন্তু বান বিধস্ত অঞ্চলত এইবিধ খেতি সম্ভৱ নহ’ল বাবে সতীৰ্থ কৃষক বিপুল চন্দ্ৰ নাথক ফলবিধৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়ে ।

নাথৰ মাটি উক্ত ফলবিধৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি পৰীক্ষামূলকভাৱে ফলবিধৰ খেতি কৰিবলৈ পৰামৰ্শৰ লগতে উৎসাহিত কৰে । আগ্ৰহী খেতিয়ক নাথে আৰম্ভ কৰি দিলে চাৰি বিঘা মাটিত বাৰ ৱান ছুইট মাল্টাৰ খেতি । পশ্চিমবংগৰ পৰা ৫৩০ টা পুলি ক্ৰয় কৰি আনি অভিজ্ঞ কৰ্ষি কৰ্মীৰ জৰিয়তে ২০১৯ৰ ১৮ এপ্ৰিলত ৰোপণ কৰে । নাথৰ এই কাৰ্যত সহায় কৰে জ্যেষ্ঠ ভাতৃ ধীৰেণ চন্দ্ৰ নাথ আৰু পুত্ৰ হীৰক জ্যোতি নাথে ।

এই খেতিৰ বাবে বৰ্তমানলৈকে প্ৰায় চাৰি লাখ ৫০ হেজাৰ টকা খৰচ কৰিবলগীয়া হৈছে । অৱশ্যে কৃষি বিভাগৰ ফালৰ পৰা পানী যোগান ধৰিবলৈ ডিপ ইৰিগেচন (পাইপ)ৰ লগতে চাৰিওফালে নেটেৰে বেৰ দিয়াৰ ব্যৱস্থা কৰি দিছে । তিনি বছৰ পাছত এইবিধ ফল লগাৰ কথা যদিও দুবছৰতে নাথৰ বাৰীত লমা-লমে লাগিল ফল । দেখিবলৈ মৌচুমীৰ দৰে হ’লেও ৰস আৰু সোৱাদ মৌচুমীতকৈ অধিক বেছি । ফলবিধৰ বিশেষত্ব এই যে গৰু ছাগলীয়ে সেই গছত মুখ নিদিয়ে ।

এই বাতৰি যুগুতোৱা লৈকে কিলো প্ৰতি এশ টকাকৈ নাথে সাত কুইণ্টল ফল বিক্ৰী কৰিছে আৰু বৰ্তমানো গছত লাগি থকা প্ৰায় ১৫ কুইন্টল ফল বিক্ৰী কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে । এইবিধ বাৰ ৱান ছুইট মাল্টা গছত ২০ বছৰলৈকে ফল ধৰে আৰু গোটেই বছৰত ফল লাগি থাকে । পৰৱৰ্তী বছৰৰ পৰা দেৰ কুইন্টলকৈ ফল ধৰিব বুলি নাথে আশা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত প্লাণ্ট ছায়েন্স পেথলজী আই এ আৰ আই নতুন দিল্লীৰ প্ৰিন্সিপাল বৈজ্ঞানিক ড°দীনেশ সিঙে দহিকটালৈ আহি নাথৰ বাৰীখনত প্ৰৱেশ কৰি মাল্টা খেতি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে । তেওঁৰ লগত আহিছিল আই আই টি গুৱাহাটীৰ এগৰাকী বিজ্ঞানী অধ্যাপক আৰু গৱেষণাৰত ছাত্ৰ দুগৰাকী ।

ইপিনে, গোৱালপাৰাৰ জিলা উপায়ুক্ত মিনাক্ষী দাস নাথেও যোৱা পাঁচ নৱেম্বৰত নাথৰ ছুইট মাল্টা খেতি পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ।‌ এইদৰে চৰকাৰী চাকৰিৰ প্ৰতি অপেক্ষা নকৰি পুত্ৰ আৰু জ্যেষ্ঠ ভাতৃৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰথমবাৰ বাৰ ৱান ছুইট মাল্টাৰ খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিপুল চন্দ্ৰ নাথে ।

নাথক অনুকৰণ কৰিলে আন আন নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰি অবিহনেই স্বাৱলম্বীতা অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে ।

Exit mobile version