প্ৰতিশ্ৰুতি প্ৰকাশনৰ চাৰিখন গ্ৰন্থ উন্মোচন

WhatsApp Image 2021 11 18 at 8.41.39 PM

ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী প্ৰতিশ্ৰুতি প্ৰকাশনৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰকাশনৰ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় ।

সভাত ডেনিছ হাজৰিকাৰ কাব্য সংকলন “মন আৰু হৃদয়ৰ মোহনাত”, স্বপ্না দেৱী শৰ্মাৰ কাব্য সংকলন “সেন্দুৰ”, শিখাঞ্জলী ডেকা বৰ্মনৰ কাব্য সংকলন “মোৰ সাহসী স্বীকাৰোক্তি” আৰু বিনোদ বড়াৰ কাব্য সংকলন “সান্নিধ্যৰ হেঙুলীয়াত হাত থৈ” শীৰ্ষক গ্ৰন্থকেইখন উন্মোচন কৰা হয় ৷

সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকে কয়, ‘কবিতাৰ সংজ্ঞা, মতামত সকলোৰে ভিন্ন হয় । প্ৰকৃততে কবিতা হৃদয়ৰ বস্তু । পঢ়ুৱৈ সমাজে যেনেদৰে অনুভৱ কৰে সিয়েই কবিতাৰ বিষয়বস্তু ।’

তেনেদৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰিয়ে কয়, ‘কবিতাৰ বিষয়বস্তু বিশাল । কবিসকলে তাক মথি আনি ভুৰুকাত ভৰায় । সেয়ে সফল কবিতা এটাই পাঠকৰ মগজুত সুৰ সুৰণি তুলিব পাৰে ।’

সভাত কবি দেৱপ্ৰসাদ তালুকদাৰে ডেনিছ হাজৰিকাৰ কাব্য সংকলন উন্মোচন কৰি তেওঁৰ কাব্য চৰ্চাৰ শলাগ লয় আৰু হাজৰিকাৰ কবিতাৰ প্ৰচুৰ সম্ভাৱনাময় প্ৰতিভাৰ বিষয়ে ফঁহিয়াই কয় । তেনেদৰে কবি, লেখক সমালোচক বিপুল শৰ্মাই শিখাঞ্জলি ডেকা বৰ্মনৰ কাব্য সংকলন উন্মোচন কৰি ভাষণত ফ্ৰয়েডৰ পৰা চিমনদ্য বোভেয়াৰ হৈ অতি সাম্প্রতিক সময়ৰ ভিনচেণ্ট দ্য এডনা মিলেলৈকে বিভিন্ন লেখকৰ যৌনতাৰ বিষয় তেওঁলোকৰ লেখাত কেনেদৰে প্ৰতিফলিত কৰিছে তাক ফঁহিয়াই ব্যাখ্যা কৰে ।

লগতে উন্মোচিত আটাইকেইখন গ্ৰন্থৰ বিষয়েও আলোচনা কৰে । অনুষ্ঠানটোৰ আঁত ধৰে প্ৰকাশক অবিনাশ শৰ্মাই ।

Exit mobile version