বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদ

উপাচাৰ্যৰ একনায়কত্ববাদৰ অভিযোগ শিক্ষাৰ্থীৰ, আঠটা দাবী লৈ প্ৰতিবাদত নামিল কটনিয়ান

ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে একনায়কত্ব চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষাৰ্থীৰ সমস্যাক আওকাণ কৰি উপাচাৰ্যগৰাকীয়ে মইমতালিৰে বিশ্ববিদ্যালয় পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে কটনিয়ানে । উপাচাৰ্যৰ এনে নীতিৰ বিৰুদ্ধে আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানখনৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

দিনৰ এক বজাৰ পৰা কে’বা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত মূল আঠটা দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে কটনত ‘বছ কালচাৰ’ নচলিব, কৰ্তৃপক্ষৰ মইমতালি নচলিব , আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ, ছাত্ৰ ঐক্য জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে বিশ্ববিদ্যালয় চৌহদ কঁপাই তোলে । প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হীৰক পাটোৱাৰীয়ে কয়, ‘এখন শিক্ষানুষ্ঠানৰ প্ৰধান চালিকাশক্তি হৈছে ইয়াৰ শিক্ষাৰ্থী সকল । যেতিয়াই শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ সমস্যাক আওকাণ কৰিব তেতিয়াই প্ৰতিবাদৰ জোৱাৰ উঠিব । বিগত দিনত আমি আমাৰ সমস্যাসমূহ লৈ যেতিয়াই উপাচাৰ্যৰ ওচৰলৈ গৈছোঁ তেতিয়াই তেওঁ আমাক নিৰাশ কৰিছে । তেওঁ আমাক সাক্ষাৎ নিদিয়ে, আমাৰ সন্মুখীন নহয় । ছাত্ৰ-ছাত্ৰীয়ে কি সমস্যাৰ সন্মুখীন হৈ আহিছে তালৈ তেওঁৰ কাণসাৰ নাই । নিজৰ ইচ্ছা মতে তেওঁ বিশ্ববিদ্যালয়খন পৰিচালনা কৰি গৈছে । তেওঁ যি ভাল বুলি ভাবে তাকেই কৰি গৈছে ।’

তেওঁ পুনৰ কয় ‘কটনক ঐতিহ্যমণ্ডিত বুলি কোৱা হয় । কিন্তু তেওঁৰ বাবে হোৱা নাই । তেওঁ ইয়াৰ ঐতিহ্য অক্ষুন্ন ৰখাৰ চেষ্টা কৰা উচিত । বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কিমান সমস্যাৰ সন্মুখীন হৈ আহিছে সেয়া হয়তো বাহিৰৰ পৰা চালে ধৰিব নোৱাৰি । অনুষ্ঠান পাতিলে কৰ’না নহয়, কিন্তু ক্লাছ কৰিলে কৰ’না হ’ব । সেইটো কেনেকুৱা কথা । প্ৰায় এমাহৰ আগৰ পৰাই অফলাইন ক্লাছ আৰম্ভ হৈছে যদিও স্নাতক দ্বিতীয় বৰ্ষৰ বাবে ছাত্ৰীনিবাস সমূহ খুলি দিয়া নাই । তেনে স্থলত ক্লাছ কৰিবলৈ হলে ছাত্ৰীসকলে ৰুমভাড়া কৰি থাকিব লাগিব । কিন্তু সকলো শিক্ষাৰ্থীৰ বাবে ইমান পইচা খৰছ কৰাটো সম্ভৱ নহয় । ইপিনে অনলাইন ক্লাছৰ নামতো ছাত্ৰ-ছাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ।’

তেওঁ লগতে কয়, ‘এটা ষাণ্মাসিক সমাপ্ত হ’বলৈ ছমাহ লাগে । কিন্তু আমাৰ তিনি-চাৰিমাহতেই পৰীক্ষা পাতি ষাণ্মাসিক সমাপ্ত কৰি আহিছে । ছমাহৰ বাবে প্ৰস্তত কৰা ছিলেবাছ কেনেকৈ সময়তকৈ পূৰ্বে সমাপ্ত কোৱেইব পাৰে ? ক’ভিডৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ২০১১ বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে তেওঁলোকৰ বাবে কোনো ধৰণৰ বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰা নাই কৰ্তৃপক্ষই । আমি বিচাৰো পৰীক্ষা নিয়ন্ত্ৰণ বিভাগৰ সংস্কাৰ সাধন হওক । কিয়নো পৰীক্ষাৰ ফলাফল ঘোষণা হওঁতে বহু পলম হয় । পৰীক্ষা নিয়ন্ত্ৰকৰ ব্যবহাৰে আমাক অতিষ্ঠ কৰি আহিছে । কোনো কথাৰ বাবে তেওঁলোকৰ ওচৰত আমাৰ বাবে পোনপটীয়া উত্তৰ কেতিয়াও নাথাকে । বিশ্ববিদ্যালয়ৰ শৌচাগাৰ- প্ৰস্ৰাৱগাৰৰ আন্তঃগাঁথনি অত্যন্ত দুৰ্বল । ইপিনে হোষ্টেলসমূহৰো একেই অৱস্থা । বহিবলৈ চকী-মেজ নাই , খোৱাপানীৰ ব্যৱস্থাও উন্নত নহয় । তেনেদৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মোটা অনুদান আগবঢ়োৱাৰ পিছতো বিশ্ববিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত কিয় অত্যাধুনিক সা-সৰঞ্জামৰ অভাৱ হৈ আছে বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে ।’

উল্লেখ্য, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ উত্তাল প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত উপাচাৰ্যই শিক্ষাৰ্থীসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । এই সন্দৰ্ভত ছাত্ৰ একতা সভাৰ সভাপতি পাটোৱাৰীয়ে কয়, ‘আমাৰ ৮০ শতাংশ দাবী শীঘ্ৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে কৰ্তৃপক্ষই । অফলাইন ক্লাছ সমূহ এক ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহ খুলি দিব । কাইলৈৰ পৰা শৌচলয়-প্ৰস্ৰাৱগাৰৰ আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰিব । তেনেদৰে পৰীক্ষাৰ ক্ষেত্ৰত থকা কেৰুণসমূহ দূৰ কৰিবলৈ তেওঁলোকে আলোচনাৰ মাধ্যমেৰে শীঘ্ৰে এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিয়ে ।

Exit mobile version