হোৱাইট হাউছৰ পৰা বহিষ্কৃত হ’ব কমলা ? আমেৰিকাত চাঞ্চল্য

download 3

জ’ বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জয়ী লাভৰ পাছত ভাৰতীয়মূলৰ কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি নিযুক্ত কৰিছিল । কিন্তু শেহতীয়াভাৱে হেৰিছৰ স’তে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সংঘাত বৃদ্ধি পোৱা বুলি আমেৰিকাৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে । একাধিক বিষয়ত হেৰিছৰ স’তে বাইডেনৰ মতানৈক্য ঘটিছে আৰু ইয়াৰ পৰিণতিত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি দিবলৈ যো-জা চলোৱা বুলিও সংবাদ মাধ্যমত চৰ্চিত হৈছে ।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত আমেৰিকাৰ ৰাজনীতিত হেৰিছ ৰাষ্ট্ৰপতি বাইডেনতকৈও অধিক জনপ্ৰিয় হৈছিল কিন্তু হেৰিছক শৰণাৰ্থী আৰু ভোটাধিকাৰৰ দৰে অতি সংবেদনশীল সমস্যাৰ সমাধানৰ দায়িত্ব বাইডেনে অৰ্পণ কৰিছিল আৰু এই দুই বিষয়ত হেৰিছে লোৱা সিদ্ধান্ত‌ই উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ জনপ্ৰিয়তা যথেষ্ট অৱনমিত কৰিলে ।

যোৱা সপ্তাহৰ এক সমীক্ষাত হাইডেনৰ জনপ্ৰিয়তা ৩৮ শতাংশলৈ হ্ৰাস পালে । হেৰিছ আমেৰিকাৰ প্ৰথম মহিলা তথা কৃষ্ণাংগ উপ-ৰাষ্ট্ৰপতি যদিও তেওঁৰ স’তে বাইডেনৰ একাধিক বিষয়ত মতানৈক্য হোৱাত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে হেৰিছক হোৱাইট হাউছৰ পৰা বিদায় দিবলৈ প্ৰস্তুতি চলোৱা বুলি আমেৰিকাৰ একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ।

অৱশ্যে হোৱাইট হাউছৰ মুখপাত্ৰ জেন চাকিয়ে হেৰিছক বাইডেনৰ মূল সহযোগী বুলি অভিহিত কৰাৰ লগতে এগৰাকী পাৰদৰ্শী উপ-ৰাষ্ট্ৰপতি বুলিও মন্তব্য কৰে ।

Exit mobile version