গেৰুৱাপাৰত অজয় বড়ো সোৱৰণী ফুটবল

হাউলী ফুটবল ক্লাৱৰ চেম্পিয়নশ্বিপ অৰ্জন

sport football 1 adobe

ভৱানীপুৰ নিকটৱৰ্তী গেৰুৱাপাৰ খেলপথাৰত গেৰুৱাপাৰ দাউগাফু আফাতৰ উদ্যেগত চলি থকা অজয় বড়ো সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত চেম্পিয়নশ্বিপ অৰ্জন কৰে হাউলী ফুটবল ক্লাৱে । আজি অনুষ্ঠিত চূড়ান্ত খেলত হাউলী ফুটবল ক্লাৱে গোমূৰা গুডমৰ্ণিং ক্লাৱক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে ।

বিজয়ী দলৰ হৈ বিগ্ৰাই গয়াৰীয়ে দুয়োটা গ’ল দিয়াৰ বিপৰীতে বিজিত দলৰ হৈ একমাত্ৰ গ’লটো পৰিশোধ কৰে কৰমজিৎ দাসে । শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বিজয়ী দলৰ বিগ্ৰাই গয়াৰীয়ে । চূড়ান্ত খেলখন পৰিচালনা কৰে ধীৰাজ কলিতাই আৰু তেওঁক লাইনত সহায় কৰে বুবুল গয়াৰী, মহিবুল হকে।

চূড়ান্ত খেলখন আৰম্ভণিতে উদ্বোধন কৰে প্ৰয়াত অজয় বড়োৰ সহধৰ্মিনী দিপামণি বড়োৱে । খেলৰ অন্তত বিজয়ী আৰু বিজিত দলৰ মাজত বঁটা প্ৰদান কৰা হয় ।

Exit mobile version