ভৱানীপুৰৰ গোপালদেৱ আতা সত্ৰত পুথিভঁৰাল উদ্বোধন

বিশিষ্টা সাহিত্যিক ড° অমিয়া মহন্তক উষ্ণ সম্বৰ্ধনা শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ

WhatsApp Image 2021 11 21 at 8.34.51 PM

পুৰণ ভৱানীপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰত আজি দিনজোৰাকৈ অনুষ্ঠিত হয় শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ চতুৰ্থখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । উল্লেখ্য যে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ স’তে সংগতি ৰাখি সভাত প্ৰাক্তন অধ্যাপক, বিশিষ্ট সাহিত্যিক, লেখিকা তথা আই পদ্মপ্ৰিয়া বঁটা প্ৰাপক ড° অমিয়া মহন্তক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমে ।

অসমত প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী গোপালদেৱ আতাৰ জীয়ৰী তথা অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ ওপৰত জীৱনীমূলক গ্ৰন্থৰ স্ৰষ্টা, ৰাধিকা, বৰপেইটা শব্দকোষ, ৰাম স্বৰস্বতীৰ ৰচনাৱলীত ভাষা, ভাষা সাহিত্যৰ ৰস আদি গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ অলেখ অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমে ড° অমিয়া মহন্তক চেলেং চাদৰ, ফুলাম গামোচা, মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ইয়াৰ পূৰ্বে শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ প্ৰাংগণত এটা পুথিভঁৰাল উদ্বোধন কৰে বজালীৰ প্ৰবীণ সাহিত্যিক-লেখক বসন্ত তালুকদাৰে । সম্বৰ্ধনা আৰু পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ সভাপতি ভৱ গোস্বামী, কাৰ্যকৰী সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মণ, সাধাৰণ সম্পাদক মনু বৰুৱা, ধুপগুৰিৰ শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেনজিৎ মেধি, পুৰণ ভৱানীপুৰৰ শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক চম্পক বায়নকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি, শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ চতুৰ্থখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অসমৰ সত্ৰ-সংস্কৃতি, ধৰ্ম সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত পৰৱৰ্তী কাৰ্যক্ৰমণিকা যুগুত কৰা বুলি জানিবলৈ দিয়ে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে ।

Exit mobile version