Farm Bill : বিল প্ৰস্তুত হয়, বাতিল হয়, পুনৰ ঘূৰি ও আহিব পাৰে : কৃষি আইন সন্দৰ্ভত মন্তব্য সাক্ষী মহাৰাজৰ

sakshi maharaj

সমাগত উত্তৰ প্রদেশৰ (Uttar Pradesh) বিধানসভা নির্বাচন । তেনে সময়তে বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে । যোৱা শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি বিল (Farm Laws) প্রত্যাহাৰৰ ঘোষণা কৰিছে । এই ঘোষণাক লৈও উত্তৰ প্রদেশৰ ৰাজনীতিত ৰাজনৈতিক দলবোৰৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে । সেই সময়তে প্ৰকাশ্যত আহিল বিজেপি সাংসদ সাক্ষী মহাৰাজৰ (Sakshi Maharaj) এটা মন্তব্য । তেওঁ কয়, বিল আহে, আকৌ বাতিলো হয় । সেইসমূহ ঘূৰিও আহিব পাৰে, সেইসমূহ নতুনকৈ প্রণয়নো হ’ব পাৰে ।

উত্তৰ প্রদেশৰ আসন্ন বিধানসভা নির্বাচন প্রসংগত সাক্ষী মহাৰাজে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ উচ্ছ্বসিত প্রশংসা কৰে । তেওঁ কয়, ৰাজ্যত যোগী আদিত্যনাথৰ জনপ্রিয়তা অটুট আছে । ৰাজ্যত যোগী আদিত্যনাথক প্ৰত্যাহ্বান দিব পৰা কোনো নাই ।

সংবাদমাধ্যমৰ আগত সাক্ষী মহাৰাজে কয়, ‘কৃষি বিলৰ স’তে উত্তৰ প্রদেশৰ নির্বাচনৰ কোনো সম্পর্ক নাই । আপোনালোকে ভালকৈয়ে জানে যে, তথাকথিত কৃষকসকলৰ অশুভ জোঁটে পাকিস্তান জিন্দাবাদ, খালিস্তান জিন্দাবাদৰ দৰে অপৱিত্র শ্ল’গান দিছিল । মোদীজিৰ আৰু বিজেপিৰ বাবে দেশৰ স্বার্থই সর্বাগ্রে । বিলটো আহে, বাতিলো হয় । ঘূৰিও আহিব পাৰে । ইয়াত একো দেৰি নহয় । কিন্তু ম‌ই মোদীজিক আন্তৰিকভাৱে ধন্যবাদ জনাওঁ এই বাবে যে, তেওঁ উদাৰ মনৰ পৰিচয় দিছে । বিল আৰু দেশৰ মাজত তেওঁ দেশক বাছি লৈছে ।’

সাক্ষী মহাৰাজে কয়, ‘যাৰ অসৎ উদ্দেশ্য আছিল, মোদীৰ সিদ্ধান্ত তেওঁলোকৰ বাবে এটা ধাক্কা । নিৰ্বাচনৰ কথা ক’লে, ইয়াত প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী যোগীক কোনেও প্ৰত্যাহ্বান দিব নোৱাৰে । ৰাজ্যত যোগীৰ জনপ্রিয়তা অব্যাহত আছে ।’

সাক্ষী মহাৰাজৰ মন্তব্যৰ তীব্র সমালোচনা কৰিছে সমাজবাদী পার্টীয়ে (ছপা) । দলৰ বিষয়াই টুইটাৰ হেণ্ডেলত টুইট কৰি কয় যে, বিজেপি সাংসদ সাক্ষী মহাৰাজ কৈছে, কৃষি বিল পুনৰ ঘূৰাই আনিব পাৰে বিজেপি চৰকাৰে । কৃষকসকলৰ আগত মিচা ক্ষমাপ্রার্থীসকলৰ এইটোৱে প্ৰকৃত ৰূপ ।

উল্লেখ্য, তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । তেওঁ কৃষকসকলক পুনৰ পথাৰলৈ উভতি যোৱাৰ আবেদন জনাইছে । যদিও আন্দোলনকাৰীসকলৰ দাবী, আগতে কৃষি আইন প্রত্যাহাৰত ছিলমোহৰ দিয়ক সংসদত ।

Exit mobile version