Islamic State : আফগানিস্তানৰ প্রায় সকলো প্রদেশত বিয়পি পৰিছে আইএছ-কে, উদ্বেগত তালিবান

1637208039 is k

তালিবান শাসিত আফগানিস্তানত ভেটি শক্তিশালী কৰিছে সন্ত্ৰাসগোষ্ঠী ইছলামিক ষ্টেট-খোৰাছান (আইএছ-কে)য়ে । খোৰছান প্রদেশ ত্যাগ কৰি এই সন্ত্ৰাসগোষ্ঠীয়ে আফগানিস্তানৰ প্রায় সকলো প্রদেশত বিয়পি পৰিছে । বুধবাৰে এই কথা জনায় উদ্বেগ প্রকাশ কৰিলে আফগানিস্তানত নিযুক্ত ৰাষ্ট্ৰসংঘৰ প্রতিনিধি ডেবোৰা লায়নছে । আফগানিস্তানত ইছলামিক ষ্টেটৰ এই ‘সক্রিয় শক্তিবৃদ্ধি’ ৰোধ কৰিবলৈ তালিবানে কিমান কার্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰিব তাক লৈও সন্দেহ প্রকাশ কৰিছে ৰাষ্ট্রসংঘ‌ই ।

আমেৰিকাৰ সেনা আৰু নেটো বাহিনী প্ৰত্যাহাৰৰ পাছতেই আফগানিস্তান দখল কৰে তালিবানে । কাবুলৰ দখল তালিবানৰ হাতত যোৱাৰ পাছতেই পতন ঘটে আছৰফ ঘানি চৰকাৰৰ । কিন্তু ক্ষমতা দখল কৰিলেও একাধিক সমস্যাৰ সন্মুখীন হয় তালিবান । যাৰ ভিতৰত অন্যতম হ’ল আইএছ-ৰ ক্ষমতা বৃদ্ধি । কাবুল বিমানবন্দৰৰ লগতে তালিবান শাসিত আফগানিস্তানত ইতিমধ্যে একাধিক আত্মঘাতী আক্ৰমণ চলাইছে এই সন্ত্ৰাসগোষ্ঠীবোৰে । তেওঁলোক সমগ্ৰ দেশত বিয়পি পৰাই উদ্বেগ বঢ়াইছে ৰাষ্ট্ৰসংঘ‌ই ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা কাউন্সিলৰ বৈঠকত আফগানিস্তানৰ তালিবানৰ শাসনকাল সম্পৰ্কে বিভিন্ন তথ্য প্ৰকাশ্যত আনে ডেবোৰাই । তেওঁ কয়, ‘‘ইৰাক আৰু খোৰাছান এলাকাৰ বাহিৰত ইছলামিক ষ্টেটৰ আগ্ৰাসন ৰোধ কৰিবলৈ এই পর্যন্ত ব্যর্থ তালিবান । এসময়ত কাবুল আৰু কিছু এলাকাত আইএছ-ৰ প্রভাৱ আছিল । কিন্তু এতিয়া তেওঁলোক আফগানিস্তানৰ প্রায় সকলো প্রদেশতেই উপস্থিত আৰু নিজৰ শক্তিও সক্রিয়ভাৱে বৃদ্ধি কৰিছে ।’’ তেওঁলোকক ৰোধ কৰিবলৈ তালিবানো যে আটক আৰু হত্যাতেই অধিক নির্ভৰশীল সেই বিষয়টোও নিৰাপত্তা কাউন্সিলল বৈঠকত উত্থাপন হৈছিল ।

ইছলামিক ষ্টেট-খোৰাছান তালিবানৰ ঘোষিত শত্রু । আগষ্টত কাবুল বিমানবন্দৰৰ বাহিৰত ভয়াবহ আত্মঘাতী বিস্ফোৰণ কৰা বুলি স্বীকাৰ কৰিছিল এই সন্ত্ৰাসগোষ্ঠীয়ে । সেই ঘটনাত ১৩ জন আমেৰিকাৰ সেনাসহ মৃত্যু হৈছিল ১৭০ জনৰো অধিক মানুহৰ । তাৰ পাছতো একাধিক বিস্ফোৰণৰ সাক্ষী হৈছে আফগানিস্তান । বৰ্ধিত ইছলামিক ষ্টেটৰ বিৰুদ্ধে তালিবানে কেনেদৰে যুঁজ দিব সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version