বজালীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ পৰিদৰ্শন

বড়ো ভ্ৰাম্যমাণৰ ইতিহাস ৰচনা কৰা স্বৌৰাং মঞ্জু থিয়েটাৰৰ জন্মস্থান পৰিদৰ্শন কৰি অভিভূত হʼল মন্ত্ৰী উৰ্খাও

a856e146 415a 4d50 b2ed dda87bfb2730

ৰাজ্যখনক সকলো স্তৰতে আগুৱাই নিব বিচৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰা বিশেষ কাৰ্যক্ৰমণিকাৰ অংশ ৰূপে মন্ত্ৰী সকলে বিভিন্ন জিলা পৰিদৰ্শন কৰে ।

সেই মৰ্মে আজি বজালী জিলাত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই । উল্লেখ্য যে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়োৰ লগতে জিলা প্ৰশাসনৰ কেবাগৰাকীও প্ৰশাসনিক বিষয়া, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ জিলাখনৰ সামগ্ৰিক সমস্যাবোৰ পৰিদৰ্শন কৰে ।

সেই মৰ্মে পাটাছাৰকূছী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কোভিড চেন্টাৰত উপস্থিত হৈ মন্ত্ৰী ব্ৰহ্ম‌ই আন্তঃগাথঁনিকে ধৰি বিভিন্ন সমস্যাৰ বুজ লয় । লগতে ঐতিহ্যমণ্ডিত পাটাছাৰকূছী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনক কালদিয়া নদীৰ গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰা দৃশ্য ও পৰিদৰ্শন কৰে ।

পাটাছাৰকূছী প্ৰাথমিক বিদ্যালয়ৰ উপৰিও পাটাছাৰকূছীস্থিত অংগনবাদী কেন্দ্ৰ, বাচ্যপাৰা অংগনবাদী কেন্দ্ৰ সমূহৰ সমস্যাৰাজিৰ বুজ লৈ বিদ্যালয়ৰ আৰু অংগনবাদী কেন্দ্ৰ দুটাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ স’তে মত বিনিময় কৰে ।

আনহাতে পাটাছাৰকূছী প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকৰ স’তেও বাৰ্তালাপ কৰে । মন্ত্ৰী ব্ৰহ্ম‌ই জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ জড়িয়তে নতুনকৈ নিৰ্মাণ কৰা বন্ধসিধনী আৰু বৰসাদেৰীত পৃথকে পৃথকে দুখন জলজীৱন মিছন আঁচনিৰ উদ্ধোধন কৰে ।

আন এক উল্লেখ্য যে এইবেলি সুদীৰ্ঘ ৪৮ সংখ্যাক বৰ্ষত পদাৰ্পন কৰা বড়ো ভাষাৰ প্ৰথমখন ভ্ৰাম্যমাণ নাট্যদল চন্দ্ৰকান্ত মুছাহাৰী প্ৰযোজিত স্বৌৰাং মঞ্জু থিয়েটাৰৰ জন্ম স্থান লেচেৰা গাঁৱত উপস্থিত হৈ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই অভিভূত আৰু উৎফুল্লিত হৈ পৰে ।

তেওঁ স্বৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজকৰ বাসগৃহ এলেকা তথা আখৰ গৃহ প্ৰত্যক্ষ কৰে । লগতে প্ৰথমবাৰৰ বাবে বৃহত্তৰ লেচেৰা অঞ্চলত পদাৰ্পন কৰি অঞ্চলটোত স্বৌৰাং মঞ্জু থিয়েটাৰে সৃষ্টি কৰা সাংস্কৃতিক পৰিবেশৰ লগতে ভ্ৰাম্যমাণ নাট্যদলটোৱে আৰু প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰীয়ে সুদীৰ্ঘ ৪৮ টা বছৰ ধৰি অসমৰ সাংস্কৃতিক পথাৰখন উৰ্বৰ কৰি তোলা বুলি তেওঁ প্ৰশংসা কৰে ।

লগতে তেওঁ লেচেৰা ভেঠুৱা পাকা সৰি, আমদহ, বৰলা আদি অঞ্চলৰ আৰ্থ সামাজিক শৈক্ষিক সাংস্কৃতিক, ক্ৰীড়া আদিকে ধৰি ভিন্ন দিশৰ সম্পৰ্কত বজ লৈ ৰাইজৰ স’তে মত বিনিময় কৰে । মন্ত্ৰী ব্ৰহ্ম‌ক লেচেৰা গাঁৱত গঞা ৰাইজে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।

ভেঠুৱা এল পি স্কুল, লেচেৰা এল পি স্কুল আৰু পাকা সৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় সমূহৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ স’তে দীৰ্ঘ সময় ধৰি পৃথকে পৃথকে মত বিনিময় কৰে ।

তদুপৰি লেচেৰাৰ বিধ্বস্ত হৈ থকা অংগনবাদী কেন্দ্ৰটো মন্ত্ৰী গৰাকীয়ে প্ৰত্যক্ষ কৰে । আন এক উল্লেখ্য যে বন্ধসিধনী বজাৰত পাচলি বিক্ৰেতাৰ সৈতে দীৰ্ঘ সময় মত বিনিময় কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই বৃহত্তৰ অঞ্চলটোৰ কৃষি কাৰ্য আৰু কৃষকৰ সমস্যা সন্দৰ্ভতো অধ্যয়ন কৰে ।

বজালী জিলা পৰিদৰ্শন কৰি মন্ত্ৰী ব্ৰহ্ম‌ই সংবাদ মাধ্যমৰ আগত কয় যে মন্ত্ৰী সকলে কেবিনেটত অহা যোৱাৰ আগতে দুখন জিলা পৰিদৰ্শন কৰিব লাগে ইয়াৰ উদ্দেশ্য হৈছে চৰকাৰ আৰু ৰাইজৰ মাজত যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰা ।

মন্ত্ৰী ব্ৰহ্ম‌‌ই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিদৰে ভাৰতবৰ্ষক আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে তেনেকৈ অসমখনো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগুৱাই নিয়াৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াত আমি সকলোৱে সহমতত উপনিত হʼব লাগে ।

Exit mobile version