সাত বছৰৰ পাছত মহামিলন

অৱশেষত পৰিয়ালে বিচাৰি পালে মৰিগাঁৱৰ বঙালধৰাৰ নিৰুদিষ্ট মানিয়া ডেকাক

IMG 20211124 WA0041

যি সময়ত ধৰ্মীয় অসিষ্ণুতাই সমগ্ৰ দেশক গ্ৰাস কৰি তুলিছে সেই সময়তে হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰি গাঁৱৰ এটা পৰিয়ালে দেখুৱাইছে এক বিৰল সম্প্ৰীতিৰ নিদৰ্শন ৷

গাওঁখনৰ ইছলাম ধৰ্মলম্বী এটা পৰিয়ালে নিৰুদিষ্ট মানিয়া ডেকা নামৰ এজন লোকক বিগত সাত বছৰ ধৰি নিজ ঘৰতে আশ্ৰয় দি আজি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

উল্লেখ্য যে বিগত সাত বছৰ পূৰ্বে এক বিশেষ পৰিস্থিতিত এই লোকজন আহি উপস্থিত হয় যমুনামুখ ভেৰভেৰি গাঁৱৰ খলিলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত৷

মানসিক ভাবে ভাগি পৰা লোকজনে আনকি নিজৰ ঘৰৰ ঠিকনাওঁ পাহৰি পেলাইছিল ৷ নিৰুপায় হৈ খলিলুৰে লোকজনক আশ্ৰয় দিয়ে।

দিন বাগৰাৰ লগে লগে খলিলুৰে লোকজনক নিজৰ পিতৃ দৰে জ্ঞান কৰাৰ লগতে পৰিয়ালটোৰ এজন সদস্য হৈ পৰে। কিছু দিন পূৰ্বে ভেৰভেৰি গাঁৱত এখন গাওঁৰক্ষী বাহিনীৰ সভা অনুষ্ঠিত হৈছিল ৷

সেই সভাতে খলিলুৰে পোহপাল দি থকা লোকজনৰ বিষয়ে অৱগত কৰিছিল। সভাত উপস্থিত দুজনমানে বৃদ্ধ জনৰ ফটো এখন তুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাইছিল ৷

ইয়াৰ পাছতে বৃদ্ধ জনৰ পৰিয়ালৰ লোকে ফটো খন চিনি পাই পোহপাল দি থকা পৰিয়ালটোৰ লগত যোগা যোগ কৰে ৷ দুয়োটা পৰিয়ালৰ যোগাযোগ মৰ্মে আজি যমুনামুখ আৰক্ষীৰ সহযোগত খলিলুৰ ৰহমানৰ পৰিয়ালৰ পৰা মানিয়া ডেকাক চমজি লয় তেওঁৰ পত্নী ,জীয়ৰী ,ভতিজা সহ আন্যান্য
পৰিয়ালৰ সদস্য সকলে।

নিৰুদিষ্ট লোকজনক পাই সুখি অনুভৱ কৰিছে ডেকাৰ পৰিয়াল।ইপিনে লোকজনক নিজ পৰিয়ালৰ হাতত চমজাই দি আবেগিক হৈ পৰে খলিলুৰ আৰু তেওঁৰ পৰিয়াল ৷

কান্দোনত ভাগি পৰে খলিলুৰৰ পৰিয়ালৰ সকলো সদস্য। নিৰুদিষ্ট লোক এজনক ইমানদিনে কোনো ধৰনৰ কষ্ট নিদিয়াকৈ পোহপাল দিয়া কাৰ্যকো সলাগিছে স্থানীয় গঞা ৰাইজে ৷

Exit mobile version