Farm Laws Repeal Bill : কৃষি আইন বাতিলৰ সিদ্ধান্তত ছিলমোহৰ দিলে মন্ত্রীসভাই, এইবাৰ সংসদত বিল পাছৰ অপেক্ষা

FEi03C3VkAMFelN

বুধবাৰে কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ প্রস্তাৱত ছিলমোহৰ দিলে কেন্দ্রীয় মন্ত্রীসভাই । এইবাৰ সংসদত শীতকালীন অধিবেশন আৰম্ভ হ’লেই আইন বাতিলৰ বিল দিয়া হ’ব ।

শীতকালীন অধিবেশনৰ আগতেই বুধবাৰে পুৱা বৈঠকত মিলিত হৈছিল কেন্দ্রীয় মন্ত্রীসভা । সেই বৈঠকতেই কৃষি আইন প্রত্যাহাৰ বিল সন্দৰ্ভত আলোচনা হয় । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দপ্তৰ (পিএম‌অ’)-ৰ স’তে পর্যালোচনাৰ পাছতেই এই বিল চূড়ান্ত হৈছে বুলি জনাইছে সূত্র‌ই ।

বিগত এবছৰৰো অধিক সময় ধৰি দিল্লী সীমান্তত কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে কৃষকসকলে । যোৱা শুকুৰবাৰে গুৰু নানক জয়ন্তীতত প্রধানমন্ত্রীয়ে ঘোষণা কৰে, তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্র‌ই । এইবাৰ সেই অনুযায়ী পদক্ষেপ ল’লে কেন্দ্র‌ই । কেন্দ্রীয় মন্ত্রীসভাৰ সেউজীয়া সংকেত পালে আইন প্রত্যাহাৰৰ বিলত ।

কিন্তু ইয়াৰ পাছতো আন্দোলন অব্যাহত ৰাখিছে কৃষকসকলে । তেওঁলোকৰ দাবী, কৃষকসকলৰ স্বার্থত শস্যৰ ন্যূনতম সহায়ক মূল্য নিশ্চিত কৰিবলৈ আইন পাছ কৰক কেন্দ্র‌ই । এই বিষয়ত আসন্ন সংসদৰ শীতকালীন অধিবেশনত কেন্দ্র‌ই কোনো পদক্ষেপ গ্ৰহণ কৰে নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version