অসম লােকসেৱা আয়ােগৰ পৰীক্ষাতে অসমীয়া ভাষাক চৰম অপমান ,

চৰকাৰক সিদ্ধান্ত সলনি কৰাৰ দাবী ,অসম ৰাজ্যিক ৰাষ্ট্রবাদী কংগ্ৰেছ দলৰ

ৰাজ্যত চৰকাৰীভাৱেই হত্যা কৰা হ’ল অসমীয়া ভাষাক। ৰাজ্যৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শর্মা চৰকাৰে শেহতীয়াকৈ অসম লােকসেৱা আয়ােগৰ পৰা অসমীয়া ভাষাৰ প্রশ্নকাকত কৰ্তন কৰাৰ যি সিদ্ধান্ত গ্রহণ কৰিছে তাক তীব্র ভাষাৰে গৰিহণা দিছে এন চি পি, অসম ৰাজ্যিক সমিতিয়ে।

আজি দলৰ এক সংবাদমেল যুগে ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয় যে,অসমীয়া ভাষা সুৰক্ষা, প্রসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰে যিধৰণে গুৰুত্ব আৰােপ কৰিব লাগিছিল তাৰ পৰিৱর্তে ভাষাটোৰ ওপৰত কুঠাৰাঘাত কৰাহে পৰিলক্ষিত হৈছে।

চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত কোনােপধ্যেই গ্রহণযােগ্য নহয়। একেদৰে শিলচৰত অসমীয়া ভাষাৰ বেনাৰ, পােষ্টাৰ আঁতৰাবলৈ একাংশ বাঙালী সংগঠনে দিয়াৰ হুংকাৰকো তীব্র প্রত্যাহ্বান জনাইছে অসম ৰাজ্যিক এন চি পিয়ে।

অসম এখন বহুভাষিক ৰাজ্য। বিভিন্ন ধৰ্মাৱলম্বী, ভাষা-ভাষী, জাতি-জনগােষ্ঠীৰ লােক থাকিলেও যিহেতু অসমৰ ৰাজ্যভাষা অসমীয়া। সেয়েহে, বিভিন্ন জাতি-জনগােষ্ঠীয় ভাষাৰ মর্যাদা অক্ষুন্ন ৰাখি অসমীয়াক ৰাজ্যভাষা হিচাপে অসমৰ জনগণে মানি লৈছে।

গতিকে ৰাজ্য চৰকাৰে অসম লােকসেৱা আয়ােগৰ পৰীক্ষাৰ পৰা অসমীয়া কাকত কর্তন কৰাৰ সিদ্ধান্তব অত্যন্ত দুর্ভাগ্যজনক। চৰকাৰক এই সিদ্ধান্ত সাত দিনৰ ভিতৰত প্ৰত্যাহাৰ কৰাৰ দাবী অধিকাৰীৰ।

Exit mobile version