সতেজ সেউজীয়া শাক পাঁচলি এতিয়া এক প্ৰকাৰ মহাৰ্ঘ হ’ল । বজাৰতো সতেজ পাঁচলি কাচিৎহে পোৱা যায় । মানুহে কৃষি কৰ্মত সময় নিদিয়াৰ দৰেই হ’ল । গতিকে সেউজীয়া সতেজ পাঁচলি এতিয়া আৰু সহজলভ্য হৈ থকা নাই । সতেজ শাক পাঁচলিৰ সোৱাদেই সুকীয়া ।
এই মন্তব্য মহাকাশত তৰাৰ আৱিস্কাৰেৰে সম্প্ৰতি বিশ্বতেই জিলিকি উঠা বজালীৰ পাটাছাৰকুছিৰ সন্তান বৰ্ণালী দাসৰ ।উল্লেখ্য যে যোৱানিশা বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে সম্পূৰ্ণ ঘৰুৱা পৰিবেশত বিজ্ঞানী বৰ্ণালী দাস সহ তেওৰ পিতৃ মাতৃক উপায়ুক্তই নৈশ আহাৰ গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছিল ।
উপায়ুক্তৰ চৰকাৰী বাসভৱনত উপায়ুক্তই নিজে কৃষি ভূমিত উৎপন্ন কৰা শাক পাঁচলিৰে এসাজ আহাৰ গ্ৰহণ কৰি অভিভূত হোৱা বিজ্ঞানী বৰ্ণালীয়ে সতেজ পাচলি সন্দৰ্ভত ওপৰোক্ত ধৰণে মন্তব্য প্ৰকাশ কৰে ।
উল্লেখ কৰিব পাৰি যে সময় পালেই উপায়ুক্ত দেৱ চৌধুৰীয়ে কৃষি কৰ্মত লাগি থাকে । প্ৰসঙ্গত উল্লেখযোগ্য যে বৰ্ণালীৰ পিতৃ মুনিন দাস আৰু বজালীৰ উপায়ুক্ত দেৱচৌধুৰী একে গাৱৰে । যোৱা নিশা দুয়োগৰাকীয়ে ঘৰুৱা পৰিবেশত শৈশৱ কৈশোৰৰ বহু কথায়ে পাতে আৰু আবেগিক হৈ পৰে ।
দেৱ চৌধুৰীৰ পৰিয়াল আৰু বৰ্ণালীৰ পিতৃ মুনিন দাসৰ পৰিয়ালৰ মাজত হোৱা এই আত্মিক সৌহাৰ্যপূৰ্ণ বাৰ্তালাপৰ অংশ অকল বিজ্ঞানী বৰ্ণালীয়ে নহয়;যত সাহিত্য সংস্কৃতিৰ পৰা সমাজ জীৱনলৈ ঠাই পোৱাৰ উপৰিও শৈশৱৰ খেলাধুলা , চাইকেল চলোৱা , পঢ়াশুনা কৰা বহু বিষয় অন্তৰ্ভূক্ত হৈছিল ।
বিজ্ঞানী বৰ্ণালীক উপায়ুক্তই কৈছিল এৰি অহা তেওলোকৰ শৈশৱ কৈশোৰ কিমান কষ্টকৰ আছিল । তেও কথাৰ মাজতেই সেই দিনবোৰত শিক্ষাৰ্থী সকলে নিজক গঢ়াৰ বাবে কেনেকুৱা শ্ৰম কৰিব লগা হৈছিল ।
অৰ্থনীতিৰ ভেটিও আছিল নিশকটীয়া । কাজেই এই বাৰ্তালাপ যদিও ঘৰুৱা আছিল ইয়াৰ মাজতেই উন্মোচন হৈছিল বহু বছৰ পূৰ্বৰ সমাজ জীৱনৰ এক বিচিত্ৰ চিত্ৰ । এই বাৰ্তালাপ আছিল মূল্যবোধৰ বাৰ্তালাপ । আছিল সমাজ তথা বিদ্যায়তনিক ক্ষেত্ৰৰ বাৰ্তালাপ ।
মুনিন দাসৰ পৰিয়ালটোক উপায়ুক্তই নিজে কৰা খেতিৰ ফচল , শাক পাঁচলিৰে আপ্যায়ণ কৰিছিল। শগত আছিল কুকুৰাৰ মঙহ । পুৰঠ সতেজ সেউজীয়া লাই শাকেৰে ৰন্ধা কুকুৰাৰ মঙহৰ ব্যঞ্জণ খাই তৃপ্তিত অভিভূত হৈ পৰে বৰ্ণালী ।
পৰম তৃপ্তিত বৰ্ণালীয়ে উপায়ুক্তৰ হাতৰ কৃষি কৰ্মৰ ফচলেৰে এসাজ খাই আবেগেৰে কয় , আজিৰ দিনত এনে সতেজ পাঁচলি পাবলৈ নাই । লাই শাক কুকুৰাৰ মঙহ জিভাত থাকিব সদায় বুলি মত পোষণ কৰে ।