ক’ভিডৰ নতুন ৰূপক লৈ সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি হৈছে । সেই উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি এই ৰূপৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজকে শক্তিশালীকৈ প্রস্তুত কৰিব ভাৰতে । এক সাক্ষাৎকাৰত এই আশা প্রকাশ কৰিছে বিশ্ব স্বাস্থ সংস্থা (হু)-ৰ প্রধান বিজ্ঞানী সৌম্যা স্বামীনাথনে । এই উদ্বেগেই ভাৰতক ক’ভিডক লৈ অধিক সতর্ক হোৱাৰ বার্তা দিব বুলি মত তেওঁৰ ।
ক’ভিড বিধি উলংঘা কৰি ফুৰা, মাস্ক পৰিধান নকৰা, সমাগত হোৱাৰ দৰে বিষয়সমূহৰ ওপৰত লক্ষ্য ৰখা প্রয়োজন বুলি মত প্ৰকাশ কৰে স্বামীনাথনে । তেওঁ কয়, “অ’মিক্র’নৰ বিৰুদ্ধে যুঁজ দিবলৈ বিজ্ঞানসন্মতভাৱেই পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।” এই পর্যন্ত বিশ্বজুৰি ক’ভিডৰ ডেল্টা ৰূপৰ প্রভাৱ সৰ্বাধিক । দ্বিতীয় ঢৌত তাণ্ডৱৰ নেপথ্যতেই আছিল ক’ভিডৰ এই ডেল্টা ৰূপ ।
ক’ভিডৰ ডেল্টা ৰূপক ৰোধ কৰোঁতেই বিশ্বত, নতুন ৰূপত হাজিৰ হৈছে ক’ভিড । অ’মিক্র’নৰ প্রভাৱক লৈ বিভিন্ন মত উত্থাপিত হৈছে ইতিমধ্যে । ই ডেল্টা ৰূপতকৈও মাৰাত্মক নে কম ক্ষতিকাৰক তাক লৈ বিশ্লেষণ আৰু পৰীক্ষা চলিছে ।
অ’মিক্র’নক হু ‘ভেৰিয়েন্ট অৱ কনচার্ন’ বুলি চিহ্নিত কৰিছে ইতিমধ্যে । অৱশ্যে এই পৰ্যন্ত ইয়াৰ প্রভাৱক লৈ কোনো চূড়ান্ত ঘোষণা হোৱা নাই । স্বামীনাথনে কয়, “ক’ভিডৰ এই ৰূপ ডেল্টাতকৈও অধিক সংক্রামক হ’ব পাৰে । কিন্তু এই ৰূপৰ কিমান প্রভাৱ পৰিব চূড়ান্তভাৱে কোৱাৰ সময় হোৱা নাই । অ’মিক্র’নৰ প্রকৃতি বুজিবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব আমি ।”